
হৰমুজ প্ৰণালীৰ ওচৰত পুনৰ জাহাজত আক্ৰমণৰ ঘটনা। সামুদ্ৰিক প্ৰশাসন সঞ্চালকালয়ৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি হিন্দুস্তান টাইমছে এই কথা প্ৰকাশ কৰিছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে দেওবাৰে হৰমুজৰ পূব দিশৰ এখন জাহাজত ড্ৰোন আক্ৰমণ সংঘটিত হয়। জাহাজখনত থকা নাৱিক আৰু ক্ৰুৰ ভিতৰত আছিল ৯ জন ভাৰতীয়।
জানিব পৰা মতে, লাইবেৰিয়াৰ পতাকা থকা এলপিজি টেংকাৰ এম টি আল মাৰিয়াহৰ ওপৰত আক্ৰমণ কৰা হয়। জাহাজখনত ১৯ জন লোক আছিল। অৱশ্যে এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই। জাহাজখনৰ ইঞ্জিনৰো কোনো ক্ষতি হোৱা নাই। দ্ৰুততাৰে জাহাজখনক আঁতৰাই নিয়া হয়। বৰ্তমান ই খোৰ ফক্কান অঞ্চলত আছে। এই ড্ৰোন আক্ৰমণৰ আঁৰত কোন আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
পশ্চিম এছিয়াৰ সংঘাত কেতিয়া শেষ হ’ব তাক লৈ প্ৰায় সমগ্ৰ বিশ্বই চিন্তিত হৈ পৰিছে। এই সংঘাতৰ প্ৰভাৱ পৰিছে পশ্চিম এছিয়াৰ জলপথত। বিশেষকৈ হৰমুজ প্ৰণালীত। কাৰণ, পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ ইন্ধন আৰু সামগ্ৰী কঢ়িয়াই অনা জাহাজবোৰ সেই জলপথেৰে যাত্ৰা কৰে। সংঘাতৰ বাবে সেই জাহাজসমূহো আবদ্ধ হৈ পৰিছে। আমেৰিকাৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ পিছৰে পৰা ইৰাণে হৰমুজ প্ৰণালী অৱৰোধ কৰি আহিছে। তেওঁলোকে স্পষ্টকৈ দাবী কৰে যে সেই জলপথৰ ওপৰত তেওঁলোকৰ অধিকাৰ অক্ষত থাকিব। সংঘাতৰ বাবে হৰমুজৰ জৰিয়তে জাহাজ চলোৱাৰ বাবে অতিৰিক্ত নিৰাপত্তা আৰু বীমা খৰচৰ সৃষ্টি হৈছে, যিয়ে কাৰ্যতঃ টোলৰ দৰে হেঁচাৰ সৃষ্টি কৰিছে।

তেহৰাণৰ অনুমতি অবিহনে যদি কোনো জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যায় তেন্তে আক্ৰমণ হ’ব পাৰে বুলিও তেওঁলোকে সকীয়াই দিছে। এই হৰমুজক লৈ আমেৰিকাৰ সৈতে উত্তেজনা অব্যাহত আছে। ইৰাণে দাবী কৰিছে যে আমেৰিকাই তেওঁলোকৰ চৰ্ত মানি ল’লে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি কৰা নহ’ব। আনহাতে, হৰমুজ প্ৰণালীক লৈ আমেৰিকায়ো ইৰাণৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনৰ মতে হৰমুজ প্ৰণালীৰ বাবে ইৰাণৰ দাবী মানি লোৱাটো সম্ভৱ নহয়।
ইৰাণৰ এই প্ৰণালীৰ ওপৰত কেতিয়াও একচেটিয়া অধিকাৰ থাকিব নোৱাৰে। বিগত কেইমাহমানৰ ভিতৰত সংঘাতৰ পৰিৱেশত হৰমুজ প্ৰণালীত কেইবাখনো জাহাজ আক্ৰান্ত হৈছে। যোৱা জুলাই মাহত সংযুক্ত আৰব আমিৰশ্বাহীৰ দুখন তেল টেংকাৰত ইৰাণৰ ক্ষেপণাস্ত্ৰই আঘাত কৰিছিল। এই আক্ৰমণত এজন ভাৰতীয় নাৱিকো নিহত হয়। তাৰ আগতে ভাৰতীয়ক কঢ়িয়াই অনা কেইবাখনো জাহাজত আক্ৰমণ কৰা হৈছে। নতুন দিল্লীয়ে ৰাষ্ট্ৰসংঘতো এই বিষয়টো উত্থাপন কৰিছে।











