ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটৰ গুৰুকুল গ্ল’বেল একাডেমীৰ উদ্যোগত আৰু শ্বেমৰক কিডছ গুৰুকুল বিদ্যালয়ৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেওবাৰে কলা-সাহিত্যৰ এলানি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শ্বেমৰক কিডছ গুৰুকুল বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাসমূহত ইউকেজিৰ পৰা সপ্তম শ্ৰেণীলৈকে মুঠ তিনিটা শাখাত দুই শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে।
ক শাখা (ইউকেজি)ৰ চিত্ৰাংকন প্ৰতিযোগিতাত শ্বেমৰক কিডছ গুৰুকুলৰ শ্বেখ ৱালিয়া চাদিক প্ৰথম, শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ অনুস্মিতা গোহাঁই আৰু আৰপিকা বৰুৱাই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে। ইফালে একেটা শাখাৰ কবিতা আবৃত্তি প্ৰতিযোগিতাত কিডজী স্কুলৰ দেৱৰাজ পাল প্ৰথম আৰু শ্বেমৰক স্কুলৰ অজস্বী বাহেটী আৰু আয়ুস হাজৰিকাই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। ইফালে খ শাখাত (প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ ) অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাত শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ গৌৰাংগদীপ শইকীয়াই প্ৰথম, একেখন বিদ্যালয়ৰ বিকি দাস আৰু ৰিয়া কুমাৰী ঠাকুৰে যুটীয়াভাৱে দ্বিতীয় আৰু আয়নজ্যোতি কৌশিক আৰু দৰ্শনা মৰাঙে যুটীয়াভাৱে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।
আনহাতে একেটা শাখাৰ কাৰ্ড মেকিং প্ৰতিযোগিতাত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ কাশ্যপী কৌশিক প্ৰথম আৰু মুস্তাফিজ ফাৰহান তৃতীয় আৰু শ্বেমৰক স্কুলৰ দিব্যাংশ আগৰৱালা দ্বিতীয় হয়। খ শাখাত অনুষ্ঠিত কৰা কবিতা আবৃত্তি প্ৰতিযোগিতাত সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰে আদ্ৰিজা বৰকটকী, ঐশ্বৰ্য ৰাজ গগৈ আৰু সদ্যস্নাতা শইকীয়াই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে। আনহাতে চতুৰ্থ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ গ শাখাত অনুষ্ঠিত কৰা প’ষ্টাৰ তৈয়াৰ কৰা প্ৰতিযোগিতাত শ্বেমৰক স্কুলৰ শিৱাংগী টোডী প্ৰথম, মহাত্মা বাল্য ভৱন বিদ্যালয়ৰ মেঘৰাগিণী বৰা আৰু সীমান্ত গগৈ যুটীয়াভাৱে দ্বিতীয় আৰু বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ চুইটি পাল আৰু মাৰ্শ্বনীল একাডেমীৰ অদিতি উপাধ্যায় যুটীয়াভাৱে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।
একেটা শাখাৰ কবিতা আবৃত্তি প্ৰতিযোগিতাত শ্বেমৰক স্কুলৰ লোপামুদ্ৰা বৰা প্ৰথম, কুশল কোঁৱৰ বাল্য ভৱন বিদ্যালয়ৰ গায়ত্ৰী কুৰ্মী দ্বিতীয় আৰু মহাত্মা বাল্য ভৱনৰ মেঘৰাগিণী বৰাই তৃতীয় স্থান লাভ কৰে। আনহাতে বেষ্ট আউট অৱ ৱেইষ্ট শীৰ্ষক প্ৰতিযোগিতাত শ্বেমৰক কিডছ গুৰুকুলৰ সম্পূৰ্ণা বৰ্মন, বিচমিৎ সিং আৰু অনিমেশ কাশ্যপে শীৰ্ষ তিনিটা স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। বিজয়ী প্ৰতিযোগীসকলক একোটিকৈ মেমেণ্ট আৰু মানপত্ৰ আৰু বাকীসকলক অংশ গ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। কাৰ্যসূচীত ৰামস্বৰূপ লডিয়া, সঞ্চালক সঞ্জয় টোডী, গুৰুকুল গ্ল’বেল একাডেমীৰ সহযোগী নীতিন আৰু বিবেক লডিয়া, যতীশ আৰু ৰোহিত টোডী, শ্বেমৰক স্কুলৰ অধ্যক্ষ ৰিংকু টোডী, চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰক তৰুণ চন্দ্ৰ বৰদলৈ আদি উপস্থিত থাকে। গুৰুকুল গ্ল’বেল একাডেমীৰ অধ্যক্ষ জে শ্ৰীনিবাস ৰাওৱে সকলো প্ৰতিযোগীক শুভেচ্ছা জ্ঞাপন কৰে।