![]()
ফাকুৱাৰ আনন্দৰ মাজতে কাৰ্বি পাহাৰত (Karbi Pahar) সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা (Accident)। প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি কাৰ্বি আংলং জিলাৰ (Karbi Anglong) ডকমকাত জে’চি’বিৰে (JCB) মাটি খান্দি থাকোতেই ওপৰৰ পৰা পাহাৰৰ ভূমি স্খলনহৈ জেচিবিৰ চালকৰ কৰুণ মৃত্য ঘটে ৷

ঘটনাৰ বিৱৰণি অনুসৰি AS 09 AC 7471পঞ্জীয়ন নম্বৰৰ জেচিবি খনেৰে ডবকাৰ ইমদাজুল ৰহমান ওৰফে আহাদ আলী (১৯) নামৰ চালকজনে ডকমকাৰ ৰাচিনজা আক্লামত মাটি খান্দি থাকোতে পাহাৰৰ মাটি খহি পৰাত চালক ইমদাজুল ৰহমান থিতাতে নিহত হয় ৷ ডবকাৰ ধৰম মজুমদাৰ নামৰ ব্যক্তি গৰাকীৰ জে,চি,বি,ৰে ইমদাজুল ৰহমানে মাটি খনন কাৰ্য্য চলাই অকাল মৃত্যুক সাৱটি লব লগা হয় ।
ঘটনাৰ খবৰ লাভ কৰি ডকমকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইমদাজুল ৰহমানৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ৷













