![]()
গাড়ীত উচ্চস্বৰত সংগীত বজোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ফলত গণপ্ৰহাৰত এজন যুৱকৰ মৃত্যু হয়। পঞ্জাবৰ (Punjab) ৰূপনগৰ জিলাৰ আনন্দপুৰ চাহাবত (Anandapur Sahab) সংঘটিত হয় এই ঘটনা। এতিয়াও পলাতক অৱস্থাত আছে অভিযুক্ত।

২৪ বছৰীয়া প্ৰদীপ সিং (Pradip Singh) ফেব্ৰুৱাৰী মাহত কানাডাৰ (Canada) পৰা পঞ্জাবলৈ ঘৰলৈ উভতি আহিছিল। প্ৰদীপ গুৰদাসপুৰৰ গাজিকোট গাঁৱৰ বাসিন্দা। যোৱা সোমবাৰে নিশা প্ৰায় ১০.৩০ বজাত জনৈক নিৰঞ্জন সিঙে বন্ধু-বান্ধৱীৰ সৈতে গাড়ীত উচ্চস্বৰত সংগীত বজাই আছিল। প্ৰদীপে তেওঁলোকক উচ্চস্বৰত সংগীত বজাবলৈ মানা কৰিছিল। তাৰ পৰাই আৰম্ভ হয় বিবাদ।
নিৰঞ্জন (Niranjan) আৰু বন্ধুসকলে কাজিয়া আৰম্ভ কৰে। ইয়াৰ পিছত গণ প্ৰহাৰৰ ঘটনা। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, এই কাজিয়া সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত ঘটনাস্থলীত উপস্থিত হোৱাত আৰক্ষীয়ে প্ৰদীপক মাটিত অচেতন অৱস্থাত উদ্ধাৰ কৰে।
ততাতৈয়াকৈ তেওঁক ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ঘটনা সন্দৰ্ভত জানিবলৈ আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে। এই ঘটনাৰ ছবি বুলি দাবী কৰি এটা ভিডিঅʼ ছচিয়েল মিডিয়াত (Social Media) প্ৰচাৰিত হৈছে। সেই ভিডিঅʼটোৰ সত্যতা পৰীক্ষা কৰি আছে আৰক্ষীয়ে। ভিডিঅʼটোত এজন লোকক ৰাজপথত পেলাই দি শিলগুটিৰে প্ৰহাৰ কৰা দেখা গৈছে।










