ASSAM TIMES POST
নতুন দিল্লীঃ গত পহিলা ছেপ্টেম্বৰৰপৰা দেশজুৰি সংশোধিত যান বাহন আইন কাৰ্যকৰী হোৱাৰ পাছত বৰ্তমানলৈকে জৰিমনা হিচাপে ৫৭৭ কোটি টকা সংগ্ৰহ কৰা হৈছে। শেহতীয়াকৈ লোক সভাত এটা লিখিত উত্তৰ দিবলৈ গৈ এই কথা সদৰী কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে। নিম্ন সদনত তেওঁ অৱগত কৰা অনুসৰি, উক্ত সংশোধনী আইনখন প্ৰয়োগ হোৱাৰেপৰা দেশৰ ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যান বাহন আৰক্ষীয়ে আইন ভংগকাৰী চালকক ৩৮ লাখ চালান কাটিছে। যাৰ পৰিপ্ৰেক্ষিতত উক্ত পৰিমাণৰ ৰাজহ সংগ্ৰহ হৈছে। এই ৰাজহখিনি চণ্ডীগড়, পুডুচেৰী, অসম, চত্তীশগড়, উত্তৰ প্ৰদেশ, উৰিষ্যা, দিল্লী, ৰাজস্থান, বিহাৰ, দাদৰা নগৰ হাভেলী, পঞ্জাৱ, গোৱা, উত্তৰাখণ্ড, তামিলনাডু, গুজৰাট, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ আৰু হাৰিয়ানাৰপৰা সংগ্ৰহ কৰা হৈছে বুলি তেওঁ কয়। ইয়াৰে ভিতৰত তামিলনাডুত সৰ্বাধিক ১৪,১৩,৯৯৬ চালান আৰু গোৱাত সৰ্বনিম্ন ৫৮ খন চালান কটা হৈছে বুলি বিভাগীয় মন্ত্ৰীজনে কয়।