![]()
নগাঁও আৰক্ষী (Nagaon Police)ৰ অভিযানত জব্দ (Seized) বৃহৎ পৰিমাণৰ মৰফিন (Morphine)। দেওবাৰে নিশা চলোৱা অভিযানত জখলাবন্ধাত (Jakhalabandha) জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ মৰফিনখিনি৷ জানিব পৰা মতে, আৰক্ষীয়ে জব্দ কৰা মৰফিনখিনিৰ ওজন প্ৰায় ১৮ কেজি (18 KG)৷ আৰক্ষীয়ে প্ৰথম অৱস্থাত মৰফিনখিনি হেৰইন বুলি সন্দেহ কৰিছিল যদিও পৰীক্ষাৰ অন্তত মৰফিন বুলি চিনাক্ত কৰা হয়৷

সোমবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে৷ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, এক গোপন খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে অভিযান চলায়। তেওঁলোকৰ হাতত থকা খবৰ অনুযায়ী নাগালেণ্ডৰ ডিমাপুৰৰ পৰা বিহাৰলৈ WB-02AA-7211 নম্বৰৰ হোণ্ডা চিটি বাহন এখনত বৃহৎ পৰিমাণৰ ড্ৰাগছ কঢ়িয়াই অনা হৈছে৷ এই খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাগৰিত অভিযান চলায়৷
নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপম বৰদলৈ আৰু জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাৰ নেতৃত্বত এই অভিযান চলে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, মৰফিনখিনিৰ বজাৰ মূল্য ৯ কোটিৰো অধিক টকা হ’ব৷
আনহাতে, এই ড্ৰাগছ সৰবৰাহ কৰাৰ অপৰাধত আৰক্ষীয়ে গুৱাহাটীৰ বশিষ্ঠৰ ৰঞ্জিত শ্বাহ আৰু তেওঁ পুত্ৰ আদিত্য শ্বাহক গ্ৰেপ্তাৰ কৰি অনুসন্ধান অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে জব্দ কৰা হোণ্ডাই চিটি বাহনখন পশ্চিমবংগত পঞ্জীয়নকৃত বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। অৱশ্যে বাহনখনৰ পঞ্জীয়ন ভুৱা নে প্ৰকৃত সেই সম্পৰ্কেওও অনুসন্ধান কৰা হ’ব বুলি জনাইছে৷












