ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ সুৰাৰ বিৰুদ্ধে এইবাৰ ৰাজপথত খাকী আৰু সামৰিক পোছাক পৰিহিত একাংশ কিশোৰ আৰু যুৱক। সুৰাপানৰ ভয়াবহতাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই সকল কিশোৰ আৰু যুৱক ওলাই আহিছে ৰাজপথলৈ। এওঁলোক হ’ল দ্বাদশ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এনচিচিৰ কেডেট। গোলাঘাট নগৰৰ মাজমজিয়াত দেওবাৰে এক বাইক ৰেলী উলিয়াই এনচিচিৰ বিষয়া তথা কেডেট সকলে। বৰ্তমান সুৰাপান কৰি বাহন চলোৱাৰ ফলত বিভিন্ন ধৰণৰ পথ দুৰ্ঘটনা হোৱাৰ উপৰিও সুৰাই বহুতৰ পৰিয়াল ধ্বংস কৰি পেলাইছে। লগতে সমাজ জীৱনতো বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। গতিকে সুৰাক সম্পূৰ্ণৰূপে বিসৰ্জন দি এখন সুৰামুক্ত অসম আৰু সুৰামুক্ত দেশ গঢ়াৰ আহ্বান কৰি ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেট সকলে এই বাইক ৰেলী উলিয়ায়৷