ASSAM TIMES POST
গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অসমত ১৯৫১ চনৰ ভিত্তিত নতুনকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীত কৰা হ’ব বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে। দেওবাৰে গুৱাহাটীস্থিত কংগ্ৰেছৰ সদৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে এপিচিচিৰ সভাপতি আৰু ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাই। তেওঁ কয় যে সুদীৰ্ঘ সময়ৰ পাছতহে অসমত এনআৰচি উন্নীতকৰণ হৈছে। উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধান আৰু নিৰীক্ষণত প্ৰস্তুত হোৱা এনআৰচিখনক গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰিছে। সেয়ে একেখন এনআৰচিকে পুনৰ উন্নীত কিয় কৰিব লাগে বুলি বৰাই প্ৰশ্ন উত্থাপন কৰি শেহতীয়াকৈ প্ৰকাশ পোৱা এনআৰচিখনকে ক্ৰুটি সাপেক্ষে সংশোধন কৰিব লাগে বুলি কয়। কংগ্ৰেছে অসমত নতুনকৈ এনআৰচি হ’বলৈ নিদিয়ে বুলি বৰাই উল্লেখ কৰি কয় যে যদি ১৯৫১ চনৰ ভিত্তিত অসমত পুনৰ এনআৰচি উন্নীতকৰণ হয়, তেন্তে ই অসম চুক্তিৰ বিৰুদ্ধে যাব। সংবাদমেলত অংশগ্ৰহণ কৰি অসম বিধান সভাত কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে। তেওঁ কয় যে শৰ্মাই অসমত ১৯৫১ চনৰ ভিত্তিত নতুন এনআৰচি হ’ব বুলি কৈ ইছ্যু সৃষ্টিৰে বিজেপি চৰকাৰৰ বিফলতাসমূহ ঢাকিবলৈ অপচেষ্টা কৰিছে।