ASSAM TIMES POST
গুৱাহাটীঃ বিদ্যা ভাৰতীৰ সংবদ্ধ,শিশু শিক্ষা সমিতি,অসমৰ গুৱাহাটী বিভাগৰ প্ৰধানাচাৰ্য আৰু বিষয় প্ৰমুখ সকলৰ তিনিদিনীয়া বাৰ্ষিক যোজনা বৈঠকখন সামৰণি পৰিছে। যোৱা ২১ নবেম্বৰ তাৰিখে সন্ধিয়া ৬.০০ বজাত বন্তি প্ৰজ্বলন আৰু বন্দনাৰে আৰম্ভ হোৱা বৈঠকৰ উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী ।শিশু শিক্ষা সমিতি, অসমৰ সাংগঠনিক সম্পাদক হেমন্ত ধিঙ মজুমদাৰে বৈঠকত সম্পূৰ্ণ সময় উপস্থিত থাকি প্ৰধানাচাৰ্য আৰু বিষয় প্ৰমুখ সকলক মাৰ্গ দৰ্শন কৰে ।
শিশু শিক্ষা সমিতি, অসমৰ যুটীয়া সম্পাদক জগন্নাথ ৰাজবংশী আৰু বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ-সাংগঠনিক সম্পাদক ড০ পৱন তিৱাৰীও যোজনা বৈঠকত উপস্থিত থাকি প্ৰধানাচাৰ্য সকলক দিহা- পৰামৰ্শ দিছিল। গুৱাহাটী বিভাগৰ ৭১খন নিকেতনৰ প্ৰধানাচাৰ্য আৰু বিদ্যা ভাৰতীৰ ৫টা আধাৰভূত বিষয়ৰ লগতে বিভিন্ন কেন্দ্ৰীয় বিষয়ৰ প্ৰমুখ উপস্থিত থকা এই যোজনা বৈঠকত আগন্তুক ২০২০ শিক্ষাবৰ্ষৰ বাবে নিকেতন সমূহত ছাত্ৰ-ছাত্ৰীৰ গুণগত শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন যোজনা প্ৰস্তুত কৰা হয় ।
বৈঠকৰ সামৰণি অনুষ্ঠানত সমাপন ভাষণ প্ৰদান কৰে সাংগঠনিক সম্পাদক হেমন্ত ধিঙ মজুমদাৰে । শেষত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমেৰে এই যোজনা বৈঠকৰ সামৰণি পৰে ।













