ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

 সদৌ অসম নাট প্ৰতিযোগিতাত নাট্য নগৰী বোকাখাতৰ দুই নাট্যগোষ্ঠী “সাৰথি” আৰু “নাট্যম”ৰ বিশেষ সাফল্যঃ অমৰ শৰ্মা শ্ৰেষ্ঠ নাট্যকাৰ

ASSAM TIMES POST by ASSAM TIMES POST
November 23, 2019
Reading Time: 1 min read
A A
0
 সদৌ অসম নাট প্ৰতিযোগিতাত নাট্য নগৰী বোকাখাতৰ দুই নাট্যগোষ্ঠী “সাৰথি” আৰু “নাট্যম”ৰ বিশেষ সাফল্যঃ অমৰ শৰ্মা শ্ৰেষ্ঠ নাট্যকাৰ

logo atp 199x300 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

তেজপুৰৰ পৰা অজন্তা তালুকদাৰ

মাধৱ কন্দলী বহুমুখী প্ৰকল্পৰ উদ্যোগত যোৱা ২২ নৱেম্বৰত তেজপুৰৰ দ-পৰ্বতীয়াত অনুষ্ঠিত নাট্য সম্ৰাট প্ৰফুল্ল বৰা সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাত বোকাখাতৰ সাৰথি আৰু নাট্যম দুই নাট্যগোষ্ঠীয়ে উল্লেখনীয় সফলতা লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰতিযোগিতাখনিত সাৰথি, বোকাখাতৰ নিবেদনত অসমৰ এগৰাকী প্ৰতিষ্ঠিত নাট পৰিচালক ৰোণাল্ড হুছেইনৰ পৰিচালনাত “পেণ্ডুলাম” নাটকখনেৰে “সাৰথি” শ্ৰেষ্ঠ নাট্যদল, অমৰ শৰ্মাই শ্ৰেষ্ঠ নাট্যকাৰ আৰু ঋতুপণ চৌধুৰীয়ে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ আৰু নাট্যম, বোকাখাতৰ নিবেদনত ৰাতুল ফুকনৰ পৰিচালনাত “দ্যা আল্টিমেট ব্যুমেৰাং” নাটকত ময়ুৰী বৰাই শ্ৰেষ্ঠ কৌতুক অভিনেত্ৰী আৰু চিন্ময় হাজৰিকাই শ্ৰেষ্ঠ শিশু শিল্পীৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

WhatsApp Image 2019 11 23 at 5.47.14 PM | ASSAM TIMES POST

উল্লেখ্য যে যোৱা ৮ নৱেম্বৰত কলিয়াবৰ কুঁৱৰীটোলত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাত সাৰথি নাট্য গোষ্ঠীয়ে শ্ৰেষ্ঠ নাট্য দলৰ সন্মান পোৱাৰ লগতে অমৰ শৰ্মাই শ্ৰেষ্ঠ নাট্যকাৰ, ৰোণাল্ড হুছেইনে দ্বিতীয় শ্ৰেষ্ঠ পৰিচালক আৰু যোৱা ৯ নৱেম্বৰত বিশ্বনাথ চাৰিআলিৰ সূৰ্য বৰা সদৌ অসম একাংক নাট প্ৰতিযোগিতাত সাৰথি, বোকাখাতে তৃতীয় শ্ৰেষ্ঠ নাট্য দল, অমৰ শৰ্মাই তৃতীয় শ্ৰেষ্ঠ নাট্যকাৰ আৰু ঋতুপণ চৌধুৰীয়ে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

“পেণ্ডুলাম” নাটকৰ অভিনয়ত আছে ঋতুপণ চৌধুৰী, বৰষা কলিতা, দুৰ্লভ নাৰায়ন বিদ্যাৰ্থী, জিতুল ফুকন, পোহৰত ৰূপম শইকীয়া, বিতুপন কোঁৱৰ আৰু পল্লৱ নেওগ, সংগীতত ৰূপম শইকীয়া, মঞ্চসজ্জাত ৰিপুঞ্জয় দত্ত, ৰূপম শইকীয়া, পল্লৱ নেওগ, লিটম শইকীয়া আৰু ৰূপসজ্জাত ঋতুপৰ্ণ চৌধুৰী। বোকাখাতৰ উদীয়মান নাট্যকৰ্মী তথা পৰিচালক ৰাতুল ফুকনৰ পৰিচালনাত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নাট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা “দ্যা আল্টিমেট ব্যুমেৰাং”ৰ অভিনয়ত আছে দীপজ্যোতি ঠাকুৰীয়া, প্ৰণৱ শইকীয়া, তৰুণ তীৰ্থ শইকীয়া, ময়ূৰী বৰা আৰু শিশু শিল্পী চিন্ময় হাজৰিকা। সংগীত মৃত্যুঞ্জয় শইকীয়াৰ।

পুনৰাই উল্লেখ্য যে বিগত বৰ্ষত সাৰথি, বোকাখাতৰ নিবেদনত অমৰ শৰ্মাৰ ৰচনা আৰু ৰোণাল্ড হুছেইনৰ পৰিচালনাত “দ্যা আল্টিমেট ব্যুমেৰাং” নাটখনে অসমৰ বিভিন্ন স্থানত অংশ গ্ৰহণ কৰি ৰাজ্যিক পৰ্যায়ত অধিকবাৰ শ্ৰেষ্ঠ নাট্যদল, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ সংগীত, শ্ৰেষ্ঠ শিশু শিল্পী, শ্ৰেষ্ঠ ৰূপসজ্জাকে আদি কৰি অনেক পুৰস্কাৰ লাভ কৰিছিল।

অসমৰ নাট জগতৰ গৌৰৱ বোকাখাতৰ ৰূপজ্যোতি সংঘৰ খোজ লেখি নাট্য আন্দোলনত সংযোজন হোৱা দুই অন্যতম নাট্যগোষ্ঠী সাৰথি আৰু নাট্যমৰ লগতে বোকাখাতৰ নাট্যকাৰ অমৰ শৰ্মাৰ এই ধাৰাবাহিক সাফল্যত উৎফুল্লিত হৈ পৰিছে বোকাখাতৰ নাট্য-সমাজ আৰু ৰাইজ। বোকাখাতৰ বিভিন্ন অনুষ্ঠান, দল সংগঠনে দুয়োটি নাট্যগোষ্ঠী আৰু নাট্যকাৰ অমৰ শৰ্মালৈ ভূয়সী প্ৰশংসা আৰু অভিনন্দন জ্ঞাপন কৰিছে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ
NORTHEAST

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

by News Desk
June 25, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
ADVERTISEMENT
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
50
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

June 30, 2026
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

June 30, 2026
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx