ASSAM TIMES POST
গুৱাহাটীঃ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ১৯৫১ চনৰ ভিত্তিত দেশজুৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীত কৰা হ’ব বুলি শেহতীয়াভাৱে কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ আৰু বুদ্ধিজীৱী উদয়াদিত্য ভৰালীয়ে। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ সংবাদমেলত ভাগ লৈ তেওঁ এই কথা কয়। তেওঁ কয় যে ভিত্তিবৰ্ষৰ এদিনো আগুৱাই বা পিছুৱাই যোৱা নহ’ব। ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে সংসদত নাগৰিকত্ব (সংশোধনী) বিধেয়কখন গৃহীত কৰিবলৈ যো-জা চলোৱাৰ প্ৰসংগত তেওঁ ৰাজ্যৰ বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি তেওঁ বাঙালীৰ প্ৰেমত পৰিছে বুলি কটাক্ষ কৰে। সংবাদমেলখনিত বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁয়ে সকলোকে ‘কেব’ৰ বিৰুদ্ধে মাৰ-বান্ধি থিয় হ’বলৈ আহ্বান জনায়। সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতিকে প্ৰমুখ্য কৰি ৰাজ্যৰ সকলোবোৰ জাতীয়-জনগোষ্ঠীয় সংগঠনক একগোট হৈ বিধেয়কখনৰ বিৰোধিতা কৰি্বলৈ তেওঁ কৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰে। তেওঁ কয় যে পূৰ্বোত্তৰৰ বাকী কেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বিধেয়কখনৰ বিৰোধিতা কৰা সত্বেও সোণোৱালে ইয়াৰ সমৰ্থন কৰিয়েই আছে। সংবাদমেলত মঞ্চৰ হৈ চিন্তাবিদ হৰেকৃষ্ণ ডেকা, আহ্বায়ক মনজিত মহন্ত প্ৰমুখ্যে আন-আনসকল উপস্থিত থাকে।













