![]()
মিলা নাই জাতি। যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্কত ঘৰৰ মানুহে আপত্তি কৰে। প্ৰেমিকক এই কথা কওঁতে খং উঠে আৰু প্ৰেমিকাৰ পেটত ১৬বাৰ ছুৰীৰে আঘাত কৰে (estranged lover more than 16 times)। প্ৰেমিকা ৰক্তাক্ত অৱস্থাত মাটিত ঢলি পৰে। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। কৰ্ণাটকৰ (Karnataka) বেংগালুৰুত (Bengaluru) সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে প্ৰেমিক দিনাকৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

৫ বছৰ ধৰি ২৮ বছৰীয়া দিনাকৰৰ (Dinakar) সৈতে সম্পৰ্কত আছিল এগৰাকী ২৫ বছৰীয়া যুৱতী। অৱশ্যে ব্যক্তিগত সংস্থাৰ কৰ্মী দিনাকৰৰ সৈতে এই সম্পৰ্ক মানি লʼবলৈ ইচ্ছুক নাছিল যুৱতীগৰাকীৰ পৰিয়ালে। সেইটো লৈ যুৱতীগৰাকীৰ পৰিয়ালৰ অসুবিধা হৈছিল। শেহতীয়াকৈ যুৱতীগৰাকীয়ে দিনাকৰক এই সমস্যাৰ বিষয়ে জনাইছিল। কিন্তু সমাধান কৰাৰ পৰিৱৰ্তে দিনাকৰে ‘খতমʼ কৰাৰ পথ লʼলে।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, শেহতীয়াকৈ এদিন দিনাকৰে প্ৰেমিকাক লগ পোৱাত ঘৰুৱা সমস্যাক লৈ দুয়োৰে মাজত কাজিয়া আৰম্ভ হয়। ইয়াৰ পিছত দিনাকৰে পকেটৰ পৰা ছুৰী এখন উলিয়াই পোনে পোনে প্ৰেমিকাৰ পেটত ভৰাই দিয়ে। ইয়াৰ পিছত তেওঁ ওপৰা-ওপৰিকৈ একেৰাহে প্ৰেমিকাক ছুৰীৰে আঘাত কৰে।
ৰক্তাক্ত অৱস্থাত মাটিত বাগৰি পৰে যুৱতীগৰাকী। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। বেংগালুৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিনাকৰক।বেংগালুৰু আৰক্ষীৰ ডিচিপিয়ে জনোৱা মতে, দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে এই বিবাহক লৈ আপত্তি কৰে। দিনাকৰ সেই খঙতে যুৱতীগৰাকীক ছুৰীৰে হত্যা কৰিলে।












