![]()
নগাঁও(Nagaon) চহৰৰ আমোলাপট্টি স্হিত নগাঁও নাট্যমন্দিৰ(Natya mandi) প্ৰেক্ষাগৃহত আজি ৰাষ্ট্ৰীয় পশুধন নিগমৰ অধীনত হাঁহ-কুকুৰা, গাহৰি আৰু ছাগলী প্রতিপালন সম্পর্কীয় এক পোন্ধৰদিনীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হয়। নগাঁও জিলা পশুপালন আৰু পশুচিকিৎসা বিভাগে আজিৰে পৰা ২৪ মাৰ্চলৈ ৩০ জনীয়া প্ৰশিক্ষাৰ্থীৰে একোটা গ্ৰুপ গঠন কৰি প্ৰতিটো বিভাগত পাঁচটা গ্রুপ লৈ ৪৫০ জন পশুপালকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।

আজি পুৱা জিলা পশু চিকিৎসা বিষয়া ডাঃ শান্তনু খাউণ্ডে শুভাৰম্ভ কৰা প্ৰশিক্ষণ শিবিৰৰ প্ৰথম দিনাৰ কাৰ্য্যসূচীত প্রশিক্ষণ প্ৰদান কৰে জিলা বিষয়া ডাঃ ৰাম নাৰায়ণ বৰুৱা আৰু মহকুমা বিষয়া ডাঃ অৰিন্দম গাৰ্গে ।
আনহাতে কাইলৈ পৰা পৰ্যায়ক্রমে অনুষ্ঠিত হ’বলগা প্রশিক্ষণত চিকিৎসকসকলে প্ৰশিক্ষণ প্ৰদান কৰিব। তৃতীয়দিনা প্রশিক্ষণ কঠিয়াতলী নিউক্লিয়াছ পিগ ব্রিডিং ফার্মত প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জনিবলৈ দিয়ে ।













