ASSAM TIMES POST
গুৱাহাটীঃ চালিকা শক্তি ডিজেলকে যাৱতীয় যন্ত্ৰাদিৰ মূল্য বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত যান-বাহনৰ ভাড়া বৃদ্ধিৰ কেবিনেট সিদ্ধান্তৰ পাছত শেহতীয়াভাৱে অধিসূচনা জাৰি কৰিছে অসম চৰকাৰে। সেই অনুসৰি ৰাজ্যিক আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীয়ে যান-বাহনৰ ভাড়া ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিব পাৰিব। চৰকাৰী জাননীত উল্লেখ থকা অনুসৰি, চিটি বাছত পূৰ্বৰ ন্যূনতম ভাড়া ৭ টকাৰ পৰিৱৰ্তে শীঘ্ৰেই ৮ টকা হ’ব। সমান্তৰালভাৱে, ল’ ফ্ল’ৰ টিটি বাছত ন্যূনতম ভাড়া হ’ব ১০.৯৪ টকা। ইফালে দূৰণিবটীয়া যাত্ৰীসকলে প্ৰতি কিমিত ১.৩৩ টকাকৈ ভৰিব লাগিব। বাতানুকুল বাছৰ যাত্ৰীসকলে প্ৰতি কিমিত ১.৫৪ টকাকৈ ভৰিব লাগিব। একেদৰে ট্ৰেকাৰ, মেজিক, অট’, টেক্সিৰো ভাড়া বৃদ্ধি পাব। উল্লেখযোগ্য যে সদৌ অসম মটৰ পৰিবহণ সন্থাই ভাড়া বৃদ্ধিৰ দাবী জনাই আহিছিল।













