দেশৰ বিভিন্ন চহৰ আৰু ঐতিহাসিক স্থানৰ নাম সলনিৰ (Name change of historical place) বাবে নতুন আয়োগ গঠনৰ আবেদন নাকচ (Reject) কৰিছে উচ্চতম ন্যায়ালয়ে (Suprem Court)। বিজেপি নেতাই দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰি সোমবাৰে উচ্চতম ন্যায়ালয়ে কয়, “অতীতক খনন কৰিব পৰা নাযাব। বৈষম্যৰ সৃষ্টি হোৱা ধৰণে কাম নকৰিব। দেশ উত্তপ্ত নকৰিব।”
“দেশৰ কেইবাখনো চহৰ আৰু ঐতিহাসিক স্থানৰ নাম ‘আক্ৰমণকাৰীʼৰ নামেৰে ৰখা হৈছে। গতিকে সেই ঠাইবোৰৰ নাম সলনি কৰোঁ আহক। চহৰ আৰু ঐতিহাসিক স্থানৰ ‘প্ৰকৃত নাম’ জানি লওক। কাৰণ ভাৰত ইতিহাসৰ দাস হʼব নোৱাৰে।” এনে দাবী আছিল বিজেপি নেতা অশ্বিনী উপাধ্যায়ৰ (BJP leader Ashwini Upadhyay)।
ইয়াৰ বাবে বিজেপি নেতাগৰাকীয়ে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰি ‘ৰিনেমিং কমিছন’ গঠনৰ বাবে অনুৰোধ জনায়।ন্যায়াধীশ কে এম জোচেফ আৰু বি ভি নাগাৰত্নেৰ বিচাৰপীঠে সোমবাৰে এই গোচৰৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰে।গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয়, “ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। হিন্দু ধৰ্ম কেৱল ধৰ্ম নহয়।
ই এক জীৱনশৈলী। হিন্দু ধৰ্মত কোনো কুসংস্কাৰ নাই। বৈষম্যৰ সৃষ্টি কৰিব পৰাকৈ কাম নকৰিব। দেশ উত্তপ্ত নকৰিব।” আদালতে লগতে কয় যে দেশৰ ইতিহাসে কেতিয়াও বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক ভয় খুৱাব নোৱাৰে।
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে মোগল গাৰ্ডেনৰ নাম সলনি কৰিছে। নতুন নামটো দিয়া হৈছে ‘অমৃত উদ্যান’। ইয়াৰ পূৰ্বে বহু অট্টালিকা, পথ, ষ্টেচন আনকি চহৰৰ নাম মোদী চৰকাৰে সলনি কৰিছে। মোগল যুগ তেওঁলোকৰ পুৰণি নামৰ লগত জড়িত আছিল।
উত্তৰ প্ৰদেশৰ মোগলচৰাই ষ্টেচনৰ নাম দীনদয়াল উপাধ্যায়। দিল্লীৰ ৰাজপথক কৰ্তব্যপথ কৰা হৈছে। এলাহাবাদৰ নাম প্ৰয়াগৰাজ ৰখা হৈছিল। ইয়াৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে বিজেপি চৰকাৰ। এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ে বিজেপি নেতাৰ নাম সলনি সম্পৰ্কীয় আবেদন নাকচ কৰে।