এজন যুৱকে কিশোৰ সহকৰ্মীৰ মলদ্বাৰত যন্ত্ৰৰে বায়ু (Air by machine in the anus) ভৰাই দিয়াৰ অভিযোগ। এই ঘটনাত কিশোৰজন গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত (hospital due to illness) ভৰ্তি হ’বলগা হয়। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে অভিযুক্ত। উত্তৰ প্ৰদেশ (Utter Pradesh)ৰ ৰাকেশ মাৰ্গৰ ছিহানী গেট থানা এলেকাত শনিবাৰে সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তৰ নাম মোহিত। ৰাকেশে (Rakesh) আগতে মাৰ্গৰ পেট্ৰ’ল পাম্পত (work in Petrol Pump) কাম কৰিছিল। ১৯ বছৰৰ বিজয়ে (Vijay)ও উক্ত পেট্ৰ’ল পাম্পতে কাম কৰিছিল। আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, শনিবাৰে বিজয় আৰু মোহিতৰ মাজত কোনো এটা বিষয়ক লৈ তৰ্ক-বিতৰ্ক হয়। ইয়াৰ পিছত মোহিত আগ্ৰাসী হৈ পৰে।
অভিযোগ অনুসৰি, মোহিতে বিজয়ক মাটিত বাগৰাই লৈ প্ৰহাৰ কৰে। ইয়াৰ পিছত বিজয়ৰ মলদ্বাৰত এয়াৰ ফিলিং পাইপ সুমুৱাই যন্ত্ৰটো ষ্টাৰ্ট কৰে। কেৱল সেয়াই নহয়, সেই পৰিস্থিতিত মোহিতে বিজয়ক ধৰি ৰাখিছিল।
আৰক্ষীয়ে জনোৱা মতে, কিছুদেৰি পাছত বিজয় অসুস্থ হৈ পৰাত মোহিতে পেট্ৰ’ল পাম্প এৰি পলায়ন কৰে। সংকটজনক অৱস্থাত বিজয়ক উদ্ধাৰ কৰে পাম্পটোৰ আন কৰ্মীসকলে। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। চিকিৎসকে কয় যে বিজয়ৰ অৱস্থা সংকটজনক।
আৰক্ষীয়ে অভিযুক্ত বিজয়ৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে বিজয়। এজন আৰক্ষী বিষয়াই জনোৱা মতে, তেওঁৰ সন্ধানত অভিযান চলি আছে।