দিল্লীৰ ৰাউজ এভিনিউ আদালতে (Delhi Rause Avenue Court) ‘মাটিৰ বিনিময়ত চাকৰি’ গোচৰত আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ (Lalu Prasad) আৰু তেওঁৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীকে (Rabri Devi) ধৰি ১৬জন অভিযুক্তৰ বিৰুদ্ধে চমন জাৰি কৰে। চিবিআয়ে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত ১৫ মাৰ্চৰ ভিতৰত লালুক চমন কৰা হৈছে।
উল্লেখ্য, প্ৰথম ইউ পি এ চৰকাৰত (২০০৪-০৯) লালু ৰেʼল মন্ত্ৰী হৈ থকাৰ সময়ত বহু বিহাৰৰ যুৱকক ভূমিৰ বিনিময়ত ৰেʼলৱেত ‘গ্ৰুপ-ডি’ পদত নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছিল।
এই ঘটনাত লালুৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱী আৰু তেওঁলোকৰ দুই কন্যা মিছা আৰু হেমাৰ বিৰুদ্ধে বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। বিগত বৰ্ষৰ ২০ মেʼত চিবিআয়ে (CBI) এই ঘটনাৰ তদন্তৰ বাবে দিল্লীৰ পাটনাকে (Patna) ধৰি দেশৰ মুঠ ১৫টা স্থানত তালাচী অভিযান চলাইছিল। ইয়াৰ পিছত আগষ্ট মাহত কেইবাজনো আৰজেডি নেতাৰ ঘৰত অভিযান চলাইছিল।
২২ অক্টোবৰত চিবিআয়ে লালুপ্ৰসাদ যাদৱৰ বিৰুদ্ধে ‘চাকৰিৰ সলনি মাটি’ দুৰ্নীতিৰ গোচৰত অভিযোগনামা দাখিল কৰিছিল। কেৱল লালু প্ৰসাদেই নহয়, লালুৰ পত্নী ৰাবৰি দেৱী, লালুৰ দুই কন্যা মিছা ভাৰতী আৰু হেমা যাদৱৰ নামো চাৰ্জ শ্বীটত উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি চাৰ্জ শ্বীটত আৰু ১২ জন লোকৰ নাম উল্লেখ কৰা হৈছে। লালু প্ৰসাদ ৰেʼল মন্ত্ৰী হৈ থকাৰ সময়ত মুম্বাই, জবলপুৰ, কলকাতাকে ধৰি বিভিন্ন ৰেʼল জোনত বিভিন্ন ‘অযোগ্য’ লোকক চাকৰি দিয়া হৈছিল বুলি চিবিআইৰ দাবী। অবৈধ উপায়েৰে চাকৰি পোৱাৰ বিনিময়ত লালুৰ পৰিয়াল আৰু ঘনিষ্ঠ নেতাই চাকৰি প্ৰত্যাশীসকলৰ পৰা বিপুল ধন বা মাটি লৈছিল।