সময় ভাল নহয় গৌতম আদানীৰ (Gautam Adani)। যোৱা এমাহত তেওঁ প্ৰায় ৬ লাখ কোটি টকা হেৰুৱাবলগীয়া হৈছে। কোটি কোটি টকাৰ লোকচান হৈছে তেওঁৰ। ভাৰতীয় ধনকুবেৰজনৰ বৰ্তমানৰ সম্পদ দুবছৰৰ নিম্নতম স্তৰত আছে।
২৪ জানুৱাৰীত আমেৰিকাৰ বিনিয়োগ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চে (Hindenburg Research) আদানী গ্ৰুপ (Adani Group)ৰ বিৰুদ্ধে ধাৰাবাহিক অভিযোগৰ সৈতে এক প্ৰতিবেদন প্ৰকাশ কৰে। প্ৰতিবেদনত আদানীক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ পিছতে শ্বেয়াৰ বজাৰ (Stock Market) নামিবলৈ ধৰে। আদানী গ্ৰুপৰ শ্বেয়াৰৰ মূল্য হ্ৰাস (Share Price Cut) পাবলৈ ধৰে।
হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন অস্বীকাৰ কৰা, বিনিয়োগকাৰীৰ আশ্বাস বা ঋণ আগতীয়াকৈ পৰিশোধ কৰি ঘূৰি অহাৰ চেষ্টাইও আদানীৰ পতন ৰোধ কৰিব নোৱাৰিলে।দেখা গৈছে যে যোৱা এমাহত আদানীয়ে মুঠ সম্পত্তিৰ এক তৃতীয়াংশ হেৰুৱাইছে।
৯ লাখ ৯৪ হাজাৰ কোটি টকাৰ (১২০ বিলিয়ন ডলাৰ) পৰা তেওঁৰ সম্পত্তি একে ধাপতে ৩ লাখ ৩১ হাজাৰ কোটি টকালৈ হ্ৰাস পাইছে। অৰ্থাৎ আদানীয়ে এমাহত প্ৰায় ৬ লাখ ৬২ হাজাৰ কোটি টকাৰ লোকচান ভুগিছে।
যোৱা দুবছৰত আদানীৰ সম্পত্তি ইমান কম হোৱা নাছিল। শেষবাৰৰ বাবে তেওঁৰ সম্পত্তি ৩ লাখ কোটি টকাৰ ওচৰত আছিল ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত।
বিশ্বৰ ধনী লোকৰ তালিকাতো ইয়াৰ প্ৰভাৱ পৰিছে। জানুৱাৰী মাহত আদানীয়ে তালিকাত চতুৰ্থ স্থান লাভ কৰিছিল। ইয়াৰ পিছত ভাৰতীয় ধনকুবেৰজন বৃহৎ সা-সম্পত্তিৰ ক্ষতিৰ দিশে নামিবলৈ ধৰিলে। ফ’ৰ্বছৰ পৰিসংখ্যা অনুসৰি, বিশ্বৰ আটাইতকৈ ধনী লোকৰ তালিকাত বৰ্তমান আদানীয়ে ৩৮ নম্বৰ স্থানত আছে। মুকেশ আম্বানীয়ে তেওঁক অতিক্ৰম কৰি ভাৰত আৰু এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। বৰ্তমান তেওঁ বিশ্বৰ ধনী লোকৰ তালিকাত অষ্টম স্থানত আছে।
শ্বেয়াৰ বজাৰত হেৰুওৱা সিংহাসন পুনৰ দখল কৰিবলৈ উঠি-পৰি লাগিছে আদানীয়ে। ইটোৰ পিছত সিটোকৈ ঋণ পৰিশোধ কৰি বিনিয়োগকাৰীৰ আস্থা ঘূৰাই অনাৰ উদ্যোগ লৈছে।