ASSAM TIMES POST
গুৱাহাটীঃ অসম গণ পৰিষদে ‘অসম ছাত্ৰ পৰিষদ’ শীৰ্ষক ছাত্ৰ সংগঠন গঠন কৰাৰ প্ৰসংগত দলটোৰ প্ৰতিষ্ঠাপক সভাপতি আৰু ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অসন্তুষ্টি ব্যক্ত কৰাৰ প্ৰসংগত শনিবাৰে মত প্ৰকাশ কৰিছে অগপৰ জ্যেষ্ঠ নেতা আৰু বিধায়ক সত্যব্ৰত কলিতাই। কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে অগপৰ সাধাৰণ পৰিষদৰ সিদ্ধান্ত মৰ্মেহে অসম ছাত্ৰ পৰিষদ গঠন কৰা হৈছে। সাধাৰণ পৰিষদৰ বৈঠকত ইয়াৰ সপক্ষে সকলোৱে মত প্ৰকাশ কৰিছিল। গতিকে দলৰ সিদ্ধান্তৰ বিৰোধিতা কৰাটো অনুচিত। ইফালে নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ প্ৰসংগত কলিতাই কয় যে ইয়াৰ বিৰুদ্ধে অগপৰ স্থিতি অটুত আছে। আন এক প্ৰসংগত কলিতাই কয় যে অসম গণ পৰিষদ সদৌ অসম ছাত্ৰ সন্থাৰ পুত্ৰ। সেয়ে সদ্য গঠিত অসম ছাত্ৰ পৰিষদ হ’ল আছুৰ নাতি। অসম ছাত্ৰ পৰিষদ গঠনে আছুৰ সৈতে মতানৈক্য সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকাশ পোৱাতে কলিতাই এইদৰে কয়।













