ASSAM TIMES POST
নতুন দিল্লীঃ মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন অব্যাহত থকাৰ মাজতে শনিবাৰে পুৱা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতা দেৱেন্দ্ৰ ফাদনবিছে। একেদৰে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি চমুকৈ এনচিপিৰ নেতা অজিত পাৱাৰে।
ৰাজ ভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত দুয়োকে শপতবাক্য পাঠ কৰোৱাই ৰাজ্যপাল ভগত সিং কোছয়াৰীয়ে। শপত লৈয়ে ফাদনবিছে কয়, ‘জনসাধাৰণে আমাক স্পষ্ট মত দিছে। কিন্তু শিৱসেনাই আন দলসমূহৰ সৈতে মিত্ৰতা বিচাৰি ফুৰিছিল। ফলশ্ৰুতিত ৰাষ্ট্ৰপতি শাসন প্ৰযোজ্য হয়। মহাৰাষ্ট্ৰই সুস্থ চৰকাৰহে বিচাৰে। খিচিৰি চৰকাৰ নিবিচাৰে।’ ইফালে, ফাদনবিছক দ্বিতীয়টো কাৰ্যকালৰ বাবে শুভেচ্ছা জনাইছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে।












