সম্ৰাট শ্বাহজাহানে( Shahjahan)তেওঁৰ পত্নী মমতাজৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল। আৰু এইবাৰ ওড়িশাৰ (Odisha) এজন ব্যক্তিয়ে পত্নীৰ সপোন পূৰণৰ (Fulfilling wife’s dream) বাবে মন্দিৰ নিৰ্মাণ (Temple construction) কৰিলে। সন্তোষী মাৰ মন্দিৰ নিৰ্মাণৰ বাবে ৭ কোটি (7 crore) টকা ব্যয় কৰে তেওঁ। ওড়িশাৰ জাজপুৰ (Jajpur Dist.) জিলাৰ চিকানা গাঁৱত নিৰ্মাণ কৰে এই মন্দিৰটো। শুকুৰবাৰে পোহৰলৈ আহে এই খবৰ।
‘ওড়িছা টিভিʼৰ তথ্য অনুসৰি, ব্যক্তিজনৰ নাম ক্ষেত্ৰবাসী লেংকা (Khatrabasi Langka)। পেছাত তেওঁ এজন উদ্যোগপতি। তেওঁৰ পত্নী বৈজয়ন্তী সন্তোষী মাৰ ডাঙৰ অনুৰাগী। গাঁৱত সন্তোষী মাৰ (Santoshi Maa) মন্দিৰ নিৰ্মাণৰ বাবে বৈজয়ন্তী (Vyjayanthi)ৰ বৰ হেঁপাহ আছিল। পত্নীৰ ইচ্ছা পূৰণৰ বাবে ক্ষেত্ৰবাসীয়ে গাঁৱতে মন্দিৰ নিৰ্মাণ কৰিলে।
এই মন্দিৰটো দক্ষিণ ভাৰতীয় স্থাপত্যৰ শৈলীত নিৰ্মাণ কৰা হৈছে। হায়দৰাবাদত থাকে এই দম্পতীহাল। বহুদিন ধৰি বৈজয়ন্তীয়ে গাঁৱতে সন্তোষী মাৰ মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছিল। পত্নীৰ এই ইচ্ছা পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল স্বামীয়ে। একেদৰে ২০০৮ চনত মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হয়। সেই নিৰ্মাণ অৱশেষত সম্পূৰ্ণ হʼল। সন্তোষী মাৰ মূৰ্তিৰ উপৰি মন্দিৰত শিৱ, গণেশ, হনুমান, নৱগ্ৰহ দেৱতাৰো পূজা হʼব।
সপোন পূৰণৰ সন্দৰ্ভত বৈজয়ন্তীয়ে সংবাদ মাধ্যমৰ আগত কয়, “গাঁওখনত মন্দিৰ নিৰ্মাণৰ এক বৃহৎ আকাংক্ষা আছিল। মোৰ স্বামীৰ ওচৰত মই কৃতজ্ঞ। তেওঁ মোৰ সপোন বাস্তৱায়িত কৰিলে। আমি এটা সৰু মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছিলো। কিন্তু ভগৱানৰ আশীৰ্বাদত আমি গাঁওখনত এটা সুন্দৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো।”