আজি পুৱা প্ৰায় ৯ মান বজাত তেজপুৰ-বালিপাৰা-ধেমাজি (Tezpur-Balipara-Dhemaji Road) সংযোগী ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ (NH-15)ত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident) সংঘটিত হয়। এ এছ ১২ আৰ ২১১৫ নম্বৰৰ এখন মাৰুতি ছুইফট ডিজায়াৰ গাড়ীয়ে তেজপুৰৰ পৰা বালিপাৰা দিশে তীব্ৰবেগেৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই এডাল প্ৰকাণ্ড গছত খুন্দা মাৰে আৰু ফলত গাড়ীখনত থকা ৫ গৰাকী ব্যক্তিয়ে কৰুণ মৃত্যু (5 death)ক আঁকোৱালিবলগীয়াত পৰে।
স্থানীয় ৰাইজে মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি তেজপুৰস্থিত কনকলতা অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃত যুৱকজনৰ বিষয়ে অধিক তথ্য জানিব পৰা হোৱা নাই যদিও তেওঁলোক তেজপুৰৰ গটঙাৰ নিবাসী বুলি স্পষ্ট হৈ পৰিছে।