কংগ্ৰেছ নেতা তথা এআইচিচিৰ মুখপাত্ৰ পৱন খেৰাক (Pawan Khera) ৰায়পুৰ অভিমুখী বিমানখনৰ পৰা নমাই দিল্লী বিমানবন্দৰত (Delhi Airport) গ্ৰেপ্তাৰ কৰা হয়। অসম আৰক্ষী (Assam Police)য়ে তেওঁক গ্ৰেপ্তাৰ (Arrest) কৰে। অৱশ্যে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় (approaches Supreme Court)ৰ কাষ চাপে পৱন খেৰা।
উচ্চতম ন্যায়ালয়ত তেওঁ কয় যে অসম, লক্ষ্ণৌ আৰু বাৰাণসীত তেওঁৰ বিৰুদ্ধে একাধিক এফআইআৰ দাখিল কৰা হৈছে। অভিযোগ অনুসৰি, তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঠাট্টা-মস্কৰা কৰিছিল তেওঁ। উচ্চতম ন্যায়ালয়ত পৱনে কয় যে ৰায়পুৰ অভিমুখী বিমানখনৰ পৰা তেওঁক নমাই অনাৰ পিছতে তেওঁক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
আদালতৰ পৰা সুৰক্ষাৰ বাবেও আবেদন কৰিছিল পৱনে। পৰৱৰ্তী সময়ত বিয়লি ৩ বজাত এই গোচৰৰ শুনানি গ্ৰহণ কৰি তেওঁক অন্তৰৱৰ্তীকালীন জামিন প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে।উল্লেখ্য, কংগ্ৰেছৰ পূৰ্ণাংগ অধিবেশনত অংশগ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰে সতীৰ্থৰ সৈতে দিল্লীৰ পৰা ৰায়পুৰলৈ গৈছিল পৱন।
বৰ্ডিং পাছ লৈ বিশেষ ইণ্ডিগ’ বিমানখনৰ আসন লোৱাৰ পিছত বিমান পৰিচাৰকসকলে আহি তেওঁক ডিপিচিয়ে লগ কৰিব বুলি কয়। গতিকে তললৈ নামি যায়। লগতে তেওঁক বিমানখনত উঠিব দিয়া হোৱা নাই বুলিও অৱগত কৰা হয়। কংগ্ৰেছ নেতা কে চি বেনুগোপাল, সুপ্ৰিয়া শ্ৰীনাতে, ৰনদীপ সিং সুৰজেৱালা আদিয়ে তেওঁৰ পিছত বিমানখনৰ পৰা নামি যায় আৰু প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে।
শেহতীয়াকৈ এখন সংবাদমেলত পৱনে প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ দামোদৰদাস মোদীৰ সলনি নৰেন্দ্ৰ গৌতমদাস মোদী বুলি উল্লেখ কৰে। যাৰ ফলত ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পৱনক গ্ৰেপ্তাৰ কৰাৰ দাবী তোলে বিজেপিয়ে। এফ আই আৰ দাখিল কৰা হয়।
কংগ্ৰেছৰ অভিযোগ যে এই কাৰণেই পৱনে এইদৰে হাৰাশাস্তিৰ সন্মুখীন হʼবলগীয়া হৈছে। প্ৰথমে অনুমান কৰা হৈছে যে সেই ভিত্তিতে তেওঁক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। কংগ্ৰেছে দাবী কৰিছে যে বিজেপিয়ে ভয় আৰু অজ্ঞানতাৰ বাবেই এই সকলোবোৰ উন্মাদৰে কাম কৰি আছে।