http://(Modi: Shaping a Global Order in Flux)![]()
পুৰণি ইজৰাইল-পেলেষ্টাইন (Israel-Palestine) বিবাদেই হওক বা বৰ্তমানৰ ৰাছিয়া-ইউক্ৰেইন (Russia-Ukraine) যুদ্ধই হওক, নৰেন্দ্ৰ মোদীৰ (Narendra Modi) নেতৃত্বত ভাৰতে যিকোনো জটিল পৰিস্থিতিত স্পষ্ট স্থিতি লʼবলৈ কুণ্ঠাবোধ নকৰে বুলি বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই (J P Nadda) কয়। তেওঁৰ দাবী, সেইবাবেই আজি বিশ্বই ভাৰতক বেলেগ ধৰণে চাবলৈ বাধ্য হৈছে।

প্ৰধানমন্ত্ৰীক লৈ লিখা ‘মোদী: শ্বেপিং এ গ্লোবেল অৰ্ডাৰ ইন ফ্লাক্সʼ (Modi: Shaping a Global Order in Flux) শীৰ্ষক এখন গ্ৰন্থ উন্মোচনৰ সময়ত বুধবাৰে ভাৰতৰ বৈদেশিক নীতিৰ সন্দৰ্ভত ভাষণ দি নাড্ডাই কয়, “আজি ভাৰতে কোনো জটিল আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত দৃঢ় স্থিতি লʼবলৈ ভয় কৰা নাই। কিন্তু অতীতত দীৰ্ঘদিন ধৰি ভাৰতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত স্থিতি লোৱাত দৃঢ়তা দেখুৱাব পৰা নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতহে আজি ভাৰতে নিজাববীয়াকৈ শক্তিশালীভাৱে থিয় দিব পাৰিব।”
ইয়াৰ পিছত নাড্ডাই ইজৰাইল-পেলেষ্টাইনৰ বিষয়টো উত্থাপন কৰি কয়, “পূৰ্বতে ভাৰতৰ শাসকসকলে ভোট বেংকৰ ৰাজনীতিৰ বাবে ইজৰাইলৰ সৈতে ৰাজনৈতিক সম্পৰ্ক গঢ়ি তুলিব পৰা নাছিল। কাৰণ তেওঁলোকৰ ভোট বেংক হেৰুৱাৰ ভয় আছিল।” নাড্ডাই দাবী কৰে যে নৰেন্দ্ৰ মোদীয়ে ছবিখন সলনি কৰিছে। তেওঁ ইজৰাইলৰ লগতে পেলেষ্টাইন ভ্ৰমণ কৰিছে।
ইফালে কংগ্ৰেছৰ সূত্ৰই এই দাবী প্ৰতিহত কৰি কয় যে নাড্ডাৰ এই দাবী ভিত্তিহীন। ভাৰতৰ বৈদেশিক নীতিৰ ধাৰাবাহিকতাৰ বিষয়ে আচলতে বিজেপিৰ সভাপতিজনৰ কোনো ধাৰণা নাই। বা তেওঁ ইচ্ছাকৃতভাৱে দেশবাসীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে। কাৰণ ইউ পি এ চৰকাৰৰ সময়ছোৱাত ভাৰতৰ পেলেষ্টাইনৰ লগতে ইজৰাইলৰ সৈতেও ভাল সম্পৰ্ক আছিল। তেতিয়াৰ বৈদেশিক মন্ত্ৰী প্ৰণৱ মুখাৰ্জীয়ে একে সময়তে ইজৰাইল আৰু পেলেষ্টাইনলৈ ছয়দিনীয়া ভ্ৰমণলৈ গৈছিল। তাৰ আগতে কোনো ভাৰতীয় নেতাই একেলগে দুয়োখন দেশ ভ্ৰমণ কৰা নাছিল।
নাড্ডাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু তাত ভাৰতৰ স্থিতিৰ বিষয়ে কয়। তেওঁ কয় যে ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ মাজত ভাৰতৰ স্থিতি কূটনৈতিক ক্ষেত্ৰত এই দেশ শক্তিশালী হোৱাৰ আদৰ্শ উদাহৰণ। যদিও দুয়োখন দেশৰ যুদ্ধ সন্দৰ্ভত ভাৰতৰ স্থিতি বহু দেশৰ অপছন্দ আছিল, তথাপিও ভাৰতে হেঁচাত পৰিবৰ্তন নকৰিলে।
কঠিন সময়ত মোদীয়ে ভাৰতৰ বাঘজৰী দখল কৰিছিল বুলি দাবী কৰে নাড্ডাই। বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত তেওঁ গ্ৰহণ কৰা নীতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ ইতিবাচক ভাবমূৰ্তি গঢ়ি তোলাত সহায় কৰিছে।










