শ্ৰেষ্ঠ নিবিদা প্ৰদানৰ বাবেই হাইফা বন্দৰৰ (Haifa Port) নিয়ন্ত্ৰণ ভাৰতীয় উদ্যোগপতি গৌতম আদানীৰ গ্ৰুপৰ (Gautam Adani Group) হাতত অৰ্পণ কৰা হৈছে। বুধবাৰে ভাৰতত থকা ইজৰাইলৰ (Israel) ৰাষ্ট্ৰদূত নাওৰ গিলনে কয়, “আদানী গ্ৰুপে হাইফা বন্দৰটো যোগ্যতাৰ দৃষ্টিকোণৰ পৰা পাইছে।”
হাইফা বন্দৰ আদানীক গতাই দিয়াৰ সন্দৰ্ভত গিলনে কয় যে আমাৰ দৃষ্টিকোণৰ পৰা এইটো এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। কাৰণ হাইফাৰ বন্দৰটোৱেই আমাৰ কৌশলগত সম্পদ। যদি আদানী গ্ৰুপে হাইফা বন্দৰ সফলতাৰে পৰিচালনা কৰে তেন্তে ইজৰাইল আৰু ভাৰতৰ মাজত বাণিজ্য বৃদ্ধিৰ সম্ভাৱনা আছে।
উল্লেখ্য, জানুৱাৰী মাহৰ শেষ সপ্তাহত আদানী গ্ৰুপে সেই দেশৰ হাইফা বন্দৰৰ পৰিচালনা ইজৰাইল চৰকাৰৰ পৰা প্ৰায় ১২ বিলিয়ন ডলাৰ (প্ৰায় ৯,৯৫০ কোটি) টকাত ক্ৰয় কৰিছিল। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে নিজেই এই চুক্তিত স্বাক্ষৰ কৰে।
আমেৰিকাৰ বিনিয়োগ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চে ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ’ হিচাপে পৰিচিত গৌতম আদানীৰ কোম্পানীটোক শ্বেয়াৰৰ মূল্যত জালিয়াতি আৰু কৰ ফাঁকিকে ধৰি অবৈধ বিত্তীয় লেনদেনৰ অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত বিৰোধীয়ে ধাৰাবাহিকভাৱে কেন্দ্ৰক লক্ষ্য হিচাপে লৈ আহিছে। এই প্ৰসংগত ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ বক্তব্যক “তাৎপৰ্যপূৰ্ণ” বুলি গণ্য কৰা হৈছে।