ASSAM TIMES POST
জিতেন বৰকটকী
নগাঁও : কৃষি বিভাগৰ পূব ভাৰত সেউজ বিপ্লৱ আঁচনি(বি জি আৰ ই আই) ২০১৯-২০ অধীনত নগাঁও জিলাৰ ননৈ নামকুৰি গাঁৱত আজি শালি ধানৰ পথাৰ দিৱস অনুষ্ঠিত হয়। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ননৈ নামকুৰি গাৱঁত ৰনজিৎ চাব ওৱান সঁচৰ আঘোনৰ সোনোৱালী পকা ধাননিৰ মাজত বিধায়ক ৰূপক শৰ্মাই কৃষকৰ উপস্থিতত গাঁৱৰ জীয়ৰী- বোৱাৰীৰ সৈতে ধান চপোৱাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিধায়ক গৰাকীয়ে হাতত কাচি লৈ গাঁৱৰ দাৱনীৰ লগত সমানে সমানে ধান দাই আনন্দত মত্ত হৈ পৰে। উল্লেখ্য, বিগত শাওণ মাহৰ প্ৰখৰ ৰদত বিধায়ক শৰ্মাই গাঁৱৰ ৰোৱনীৰ লগত এই পথাৰতেই ভুই ৰুই কৃষকক প্ৰেৰণা যোগাইছিল ।

আজি একেখন পথাৰতে উপস্থিত হৈ বিধায়ক গৰাকীয়ে অঞ্চলৰ ৰাইজৰ লগত ধান কটা পৰ্বত অংশগ্ৰহণ কৰে। ধান কটাৰ মাজতেই বিধায়ক গৰাকীয়ে নামকুৰি পথাৰতেই ৰাইজৰ লগত ৰবাব টেঙাৰো সোৱাদ লয়। আনহাতে পথাৰ দিৱস উপলক্ষে ধান চপোৱাৰ পূৰ্বে নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত সভাত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই কয় যে বৰ্তমান সময়ত আমি কৃষি অৰ্থনীতিত স্বাৱলম্বী হৈছোঁ । কৃষি বিভাগে সকলো চৰকাৰী সুবিধা প্ৰদান কৰি কৃষকক উৎসাহ যোগাই আহিছে । নগাঁও জিলা সহকাৰী কৃষি সঞ্চালক তৰুণ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত নগাঁও জিলা কৃষি বিষয়া অশোক শৰ্মা খাউণ্ড, সহকাৰী কৃষি সঞ্চালক ৰজনীকান্ত শইকীয়া, দীপক বাঢ়ৈ, মহকুমা কৃষি বিষয়া ক্ষীৰোদ শৰ্মা, কৃষি সম্প্ৰসাৰণ বিষয়া হৰিনাৰয়ণ গোস্বামী,কল্যাণ. বৰুৱা, হেম বৰা প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। ধান দাই উঠি বিধায়ক শৰ্মাই অঞ্চলৰ ৰাইজৰ লগত একেলগে ভোজভাত খায়।













