ASSAM TIMES POST
গুৱাহাটীঃ বিশ্ব অনাময় দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এক পুৰস্কাৰ বিতৰণ অনুষ্ঠানত কেন্দ্ৰীয় ৰসায়নিক আৰু সাৰ মন্ত্ৰী ডি ভি সদানন্দ গৌড়া আৰু কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰট্টন লাল কাটাৰিয়াই বিভিন্ন শাখাত বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলালৈ স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ ২০১৯ বঁটা আগবঢ়ায়।

নতুন দিল্লীৰ প্ৰবাসী ভাৰতীয় কেন্দ্ৰত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত অসমলৈ আগবঢ়োৱা হয় সামগ্ৰিক প্ৰদৰ্শনৰ দিশেৰে বিশেষ বঁটা। উল্লেখ্য যে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ অসমৰ হৈ বঁটা গ্ৰহণ কৰে অভিযান সঞ্চালক ড. সিদ্ধাৰ্থ সিঙে।













