ASSAM TIMES POST
গুৱাহাটীঃ অসম আন্দোলনৰ পৰিণতিত গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদত সম্প্ৰতি এলাগী হৈ পৰিছে দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। শেহতীয়াভাৱে বৃহস্পতিবাৰে অগপই অসম ছাত্ৰ পৰিষদৰ শুভাৰম্ভণি অনুষ্ঠানলৈ তেওঁক নিমন্ত্ৰণ নকৰাতে এই কথা ওলাই পৰিছে। মহন্তক যে বৃহস্পতিবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হোৱা নাছিল, সেই কথা মহন্তই নিজেই শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। মহন্তই লগতে কয় যে বৰ্তমান অগপ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰখনত থকা হেতুকে তেওঁৰ নাগৰিকত্ব (সংশোধনী) বিধেয়ক বিৰোধী স্থিতিৰ বাবেই আজি কিছু দিনৰপৰা অগপৰ বৰ্তমানৰ নেতৃত্বই তেওঁক এৰাই চলিছে।













