ASSAM TIMES POST
গুৱাহাটীঃ বিশিষ্ট সাহিত্যিক, মিছিং ভাষা সাহিত্যৰ পুৰোধা তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুন আৰু ৰাজ্যৰ অন্যতম কথা শিল্পী, নাট্যকাৰ, সমালোচক, শিক্ষাবিদ ডঃ পৰাগ কুমাৰ ভট্টাচাৰ্যলৈ আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ ‘সাহিত্যাচাৰ্য’ সন্মান। ইফালে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়, মেঘালয় (ইউএছটিএম)ৰ আচাৰ্য মহবুবুল হকলৈ সভাই ‘শিক্ষাচাৰ্য’ সন্মান আগবঢ়াইছে। শুকুৰবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে। অহা ২৭ নৱেম্বৰত গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিতব্য সভাৰ সমাৱৰ্তনত এই সন্মান দুটি তিনিওগৰাকী প্ৰাপকলৈ আনুষ্ঠানিকভাৱে আগবঢ়োৱা হ’ব। উল্লেখ্য যে এই অনুষ্ঠানত মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।













