আইফোন (iPhone) কিনাটো দীৰ্ঘদিনীয়া চখ। অৱশেষত যুৱকজনে ই-কমাৰ্চ চাইটত (E-commerce site) ৪৬ হাজাৰ টকাৰ আইফোন অৰ্ডাৰ কৰে। কিন্তু তেওঁৰ হাতত মোবাইল কিনিবলৈ টকা নাছিল। ডেলিভাৰী বয় (Delivery Boy) আহি পোৱাৰ লগে লগে আইফোনটো লৈ হত্যা (Murder) কৰে। ইয়াৰ পিছত যুৱকজনে মৃতদেহটো চাৰিদিন লুকুৱাই ৰাখি শেষত জ্বলাই দিয়ে।
কৰ্ণাটকৰ (Karnataka) হাছান জিলাৰ আৰাচিকিৰে অঞ্চলত এই অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তৰ নাম হেমন্ত দত্ত। মৃত ডেলিভাৰী লʼৰাটোৰ নাম হেমন্ত নাইক। ২৩ বছৰীয়া যুৱকজনক হত্যা কৰাৰ পিছত হেমন্তই মৃতদেহটো ঘৰতে লুকুৱাই ৰাখিছিল। শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক।
আৰক্ষীৰ তথ্য অনুসৰি, কিছুদিন পূৰ্বে ই-কমাৰ্চ চাইটত হেমন্তই ৪৬ হাজাৰ টকাৰ আইফোন অৰ্ডাৰ কৰিছিল। ৭ ফেব্ৰুৱাৰীত ডেলিভাৰী বয়জনে ফোনটো লৈ হেমন্তৰ ঘৰৰ ঠিকনাত উপস্থিত হয়। কিন্তু ফোনটো পোৱাৰ পিছত হেমন্তই ডেলিভাৰী বয়ক টোপোলাটো খুলিবলৈ কয়।
ডেলিভাৰী বয়জনে তেনে কৰিবলৈ অস্বীকাৰ কৰি হেমন্তৰ পৰা আইফোনটো বিচাৰে। ইয়াৰ পিছতে হেমন্তই তৰ্ক-বিতৰ্ক আৰম্ভ হয় আৰু গধুৰ বস্তুৰে আঘাত কৰি ডেলিভাৰী বয়জনক হত্যা কৰে। চাৰিদিন মৃতদেহটো নিজৰ ঘৰত লুকুৱাই ৰাখিলে।
১১ ফেব্ৰুৱাৰীৰ নিশা অভিযুক্তই ৰেʼল দলঙৰ ওচৰলৈ গৈ কেৰাচিন ঢালি মৃতদেহত জুই লগাই দিয়ে। আনহাতে, ভাতৃক বিচাৰি নোপোৱাৰ পিছত ডেলিভাৰী বয়টোৰ ককায়েক মঞ্জুনাথ নাইকে আৰক্ষীৰ কাষ চাপে। নিৰুদ্দেশ হোৱাৰ গোচৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ইয়াৰ পিছত এই ঘটনা পোহৰলৈ আহে।
আৰক্ষীয়ে ডেলিভাৰী বয়ৰ মোবাইল টাৱাৰৰ স্থান অনুসৰণ কৰি অভিযুক্তৰ ওচৰ পায়গৈ। তাতেই উদ্ধাৰ হয় মৃতকৰ মোবাইল ফোন। ইয়াৰ উপৰি অভিযুক্তৰ ঘৰত উদ্ধাৰ হৈছে সংশ্লিষ্ট ই-কমাৰ্চ কোম্পানীটোৰ বেগ।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তই আগতে ই-কমাৰ্চ কোম্পানী এটাত ডেলিভাৰী বয় হিচাপেও কাম কৰিছিল। পিছত চাকৰি এৰিলে। চখৰ ফোন অৰ্ডাৰ কৰি টকা যোগাৰ কৰিব নোৱাৰিলে। আনহাতে, অৰ্ডাৰ দিয়া ফোনটোও তেওঁৰ ওচৰ পালেগৈ। টকাখিনি কেনেকৈ দিব সেই কথা ভাবি সি ডেলিভাৰী বয়টোক হত্যা কৰাৰ সিদ্ধান্ত লʼলে। অধিক তথ্য জানিবলৈ তেওঁলোকৰ জিম্মাত থকা অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।