ASSAM TIMES POST
গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ ৰ বিৰোধিতাৰে শুকুৰবাৰে গুৱাহাটীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সদস্যকে প্ৰমুখ্য কৰি ভাতৃ-ভগ্নী সংগঠনসমূহ যথা নাৰী মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু চাহ মুক্তি সংগ্ৰাম সমিতিৰ কেইবাশ সদস্যই ইয়াত ভাগ লয়। কৃষক নেতা অখিল গগৈৰ নেতৃত্বত গুৱাহাটী ক্লাবৰ সমীপত প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ পথতে বহি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দিয়ে।
ইয়াত বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁই, বিশিষ্ট অধিবক্তা অৰূপ বৰবৰা, বিশিষ্ট লেখিকা মাইনী মহন্তকে প্ৰমুখ্য কৰি ৰাজ্যৰ বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে, প্ৰতিবাদকাৰীসকলৰ সমদল ৰাজভৱন অভিমুখে আগবাঢ়ে। ৰাজভৱনত কৃষক মুক্তিয়ে ৰাজ্যপালৰ হাতত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰ তুলি দিয়ে।













