ASSAM TIMES POST
নতুন দিল্লীঃ ৰাজস্থানৰ সম্ভাৰ হ্ৰদত শেহতীয়াভাৱে ২০ হাজাৰ পৰিভ্ৰমী চৰাইৰ মৃত্যু হোৱাত দেশজুৰি প্ৰকৃতিপ্ৰেমী সকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
ভাৰতীয় পশু গৱেষণা প্ৰতিষ্ঠানে সদৰী কৰা অনুসৰি ‘এভিয়ান বটুলিজিম’ৰ বাবেই এইদৰে হাজাৰ-হাজাৰ চৰাই মৃত্যুমুখত পৰিছে। প্ৰতিষ্ঠানখনৰ মতে, সকলো বয়সৰ চৰায়েই মৃ্ত্যুমুখত পৰিছে।
মৃত্যু হোৱা চৰাইবোৰৰ ডেউকা আৰু ভৰিত পক্ষাঘাত স্পষ্ট হৈ আছে। হ্ৰদটোত পানী শুকাই যোৱাটোও ইমানবোৰ চৰাইৰ মৃত্যুৰ এটা কাৰক হ’ব পাৰে বুলি অনুমান কৰা হৈছে।












