ASSAM TIMES POST
গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াভাৱে দেশজুৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ হ’ব বুলি কৰা মন্তব্যক শুকুৰবাৰে সমালোচনা কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
দিছপুৰস্থিত চৰকাৰী বাসভৱনত অনুষ্ঠিত এক সংবাদমেলত গগৈয়ে কয় যে অসমৰ ৩ কোটি লোকৰ ক্ৰুটি-মুক্ত এনআৰচি প্ৰকাশ কৰোতেই বিফল হৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখন। তেনে ক্ষেত্ৰত ১৩০ কোটি জনসংখ্যাৰ দেশ ভাৰতত কিদৰে এনআৰচি উন্নীতকৰণ কৰিব কেন্দ্ৰই।
অমিত শ্বাহৰ এই মন্তব্যক গগৈয়ে কৌশলপূৰ্ণ আখ্যা দি কয় যে নিবনুৱা সমস্যা, অৰ্থনৈতিক মন্দাৱস্থা দেশত বাঢ়ি যোৱাতে এনআৰচিৰ কথা কৈ শ্বাহে দেশবাসীৰ মন অইন দিশলৈ ঢাল খুৱাব বিচাৰিছে। সদ্য প্ৰকাশিত অসমৰ এনআৰচিখনক কিহৰ ভিত্তিত শ্বাহে নাকচ কৰিলে তাৰো উত্তৰ বিচাৰে গগৈয়ে। তেওঁ কয় যে যেতিয়া এনআৰচিৰ প্ৰথমখন খচৰা প্ৰকাশ পাইছিল, তেতিয়া বিজেপিয়ে ক্ৰেডিট লৈছিল।













