ঘোষিত হ’ল আগন্তুক আইপিএল (IPL)ৰ সূচী। এই সূচী অনুসৰি এইবাৰ অসম তথা উত্তৰ-পূবৰ ক্ৰিকেট অনুৰাগীয়ে উপভোগ কৰিব পাৰিব আইপিএলৰ মেচ। গুৱাহাটী (Guwahati)ত অনুষ্ঠিত হ’ব আইপিএলৰ দুখনকৈ মেচ। অহা ৫ আৰু ৮ এপ্ৰিলত অসম ক্ৰিকেট সন্থাৰ (Assam Cricket Association) বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই দুখন মেচ। পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছৰ (Punjab Kings and Delhi Capitals Rajasthan Royals) বিৰুদ্ধে এই দুখন মেচত অৱতীৰ্ণ হ’ব।
উল্লেখ্য, যোৱা বছৰৰ চেম্পিয়ন গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হʼব আই পি এল ২০২৩ৰ উদ্বোধনী মেচ। অহা ৩১ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হʼবলগীয়া আই পি এল ২০২৩ৰ উদ্বোধনী মেচত মহেন্দ্ৰ সিং ধোনী আৰু হাৰ্দিক পাণ্ডিয়াৰ ব্ৰিগেডৰ মুখামুখী হʼব। ২৮ মেʼত মোদী ষ্টেডিয়ামতে অনুষ্ঠিত হʼব ফাইনেল।
কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰথমখন খেল ১ এপ্ৰিলত মোহলীত পঞ্জাব কিংছৰ বিৰুদ্ধে। ৩১ মাৰ্চৰ পৰা ২১ মেʼলৈ চলিব এই লীগ। তাৰ পিছত কোৱালিফায়াৰ, এলিমিনেটৰ আৰু কোৱালিফায়াৰ টু খেল। তাৰ পিছত মেগা ফাইনেল হʼব। লীগত মুঠ ৭০খন খেল অনুষ্ঠিত হʼব। ইডেনত মুঠ ৭খন লীগ পৰ্যায়ৰ মেচ অনুষ্ঠিত হʼব। ফ্ৰেঞ্চাইজিৰ দহটা দলেই লীগ পৰ্যায়ত মুঠ ১৪খন মেচ খেলিব।
৬ এপ্ৰিলত বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে ইডেন গাৰ্ডেনত আৰম্ভ হʼব কেকেআৰৰ আই পি এল অভিযান। ‘পাঠান’ মেগা হিট হোৱাৰ পিছত ইডেন গাৰ্ডেনৰ ভিআইপি বক্সত কেকেআৰৰ মালিক শ্বাহৰুখ খানক দেখাৰ বাবে কাউণ্টডাউনৰ বাবে অপেক্ষা কৰিবলৈ আৰম্ভ কৰিছে।