নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ অর্থনীতিত বাণিজ্যৰ প্রভাৱ চোৱা-চিতা কৰিবলৈ বিশেষজ্ঞ সমিতি গঠনৰ (Formation of expert committee) চর্ত সম্পূর্ণৰূপে নাকচ (Condition rejection) কৰে উচ্চতম ন্যায়ালয়ে (Supreme Court of India)৷ শুকুৰবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ (Chief Justice DY Chandrachud) নেতৃত্বত এখন বিচাৰপীঠে কয় যে ক’ভাৰ লেটাৰত বিশেষজ্ঞ সমিতিৰ সদস্যসকলৰ নাম দাখিল কৰাৰ চৰ্ত মানি চলিলে সমগ্ৰ প্ৰক্ৰিয়াটোৰ স্বচ্ছতা বজাই ৰখা নহʼব।
উল্লেখ্য, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে যোৱা শনিবাৰে এখন বিশেষজ্ঞ সমিতি গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল যাতে আদানী সংকটৰ (Adani Crisis) বাবে ভাৰতীয় বিনিয়োগকাৰীৰ কোনো ক্ষতি নহয়। ইয়াৰ পিছতে সোমবাৰে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই জনায় যে তেওঁলোকে তিনিটা চৰ্তৰ ভিত্তিত বিশেষজ্ঞ সমিতি গঠন কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে।
প্ৰথমে কমিটীৰ সদস্য হʼব পৰা বিশেষজ্ঞসকলক চৰকাৰে নিৰ্ধাৰণ কৰি বন্ধখামত উচ্চতম ন্যায়ালয়ত জমা দিব। দ্বিতীয়তে বিশেষজ্ঞ সমিতিৰ ‘বিচাৰ্য বিষয়’ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লʼব। তৃতীয়তে, এইটো নিশ্চিত কৰিব লাগিব যে ষ্টক মাৰ্কেটৰ নিয়ন্ত্ৰক ‘চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অৱ ইণ্ডিয়া’ই (SEBI) পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম বুলি যাতে কোনো বাৰ্তা নাযায়!
শুনানিৰ আৰম্ভণিতে মুখ্য ন্যায়াধীশ চন্দ্ৰচুৰে গোচৰটোৰ কেন্দ্ৰৰ অধিবক্তা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক কয় যে ছেবিত আঘাত কৰাটো উচ্চতম ন্যায়ালয়ৰ উদ্দেশ্য নাছিল। তেওঁ কয়, “আমি কোনো নিয়ন্ত্ৰণকাৰী সংস্থাৰ সুনাম কলংকিত কৰিব নিবিচাৰো। আলোচনা বিচাৰো।” কিন্তু আদানী গোচৰ (Adani case)ত মোদী চৰকাৰৰ ‘গোপনীয়তাৰ নীতি’ যে স্বচ্ছতাৰ পৰিপন্থী, সেই কথা শুকুৰবাৰে স্পষ্টভাৱে উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে ।