গুজৰাটৰ পাটানত (Patan in Gujarat) ভয়ংকৰ পথ দুৰ্ঘটনা (Road accidents)ত ৭ জন লোকে প্ৰাণ (7 Death) হেৰুৱায়। আনহাতে, আন ৮ জন আহত হয়। আহত আটাইকেইজন বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, ৰাধানপুৰ-ভাৰাহী ৰাষ্ট্ৰীয় ঘাইপথত এখন জীপ আৰু এখন ট্ৰাকৰ সংঘৰ্ষ হয়।
১৬ জন যাত্ৰীসহ এখন জীপ মতি পিপলি গাঁৱৰ মাজেৰে গৈ থকা অৱস্থাত জীপ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰে।ট্ৰাকখন বিপৰীত দিশত গৈ আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত জীপখনৰ সন্মুখৰ অংশটো চেপেটা হৈ যায়। ৪ জন লোকৰ থিতাতে মৃত্যু হয়। চিকিৎসালয়লৈ যোৱাৰ পথত আন ৩ জনে প্ৰাণ হেৰুৱায়। নিহতসকলৰ ভিতৰত এটি ৭ বছৰীয়া শিশুও আছে। আহতসকলক আন এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ট্ৰাক আৰু জীপ চালকজনৰ বিৰুদ্ধে মটৰ গাড়ী আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। চিচিটিভিৰ ফুটেজৰ পৰা বিষয়টোৰ তদন্ত অব্যাহত আছে।