
প্ৰায় ৬০ ঘন্টাৰ অন্তত দিল্লী (Delhi) আৰু মুম্বাইত (Mumbai) থকা ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেচনৰ “বিবিচি” (British Broadcasting Corporation) কাৰ্যালয়ত ‘সমীক্ষা’ সম্পূৰ্ণ কৰি ওলাই আহিল আয়কৰ বিভাগৰ বিষয়াসকল। প্ৰায় তিনিদিনৰ অন্তত বৃহস্পতিবাৰে নিশা উভতি আহে ব্ৰিটিছ অপাৰেটৰকে ধৰি মুঠ ১০ জন কৰ্মচাৰী।
বিবিচিৰ কাৰ্যালয় এৰিলে আয়কৰ বিভাগে:
শুকুৰবাৰে আয়কৰ বিভাগে এই ‘জৰীপ’ সন্দৰ্ভত তেওঁলোকৰ বিবৃতি দিব।‘জৰীপʼৰ শেষত আয়কৰ বিষয়াসকল গুচি যোৱাৰ পিছতে বিবিচিয়ে এটা দীঘলীয়া টুইট পোষ্ট কৰে। ইয়াত লিখা আছিল, ‘আয়কৰ বিষয়াসকলে দিল্লী আৰু মুম্বাইৰ কাৰ্যালয় এৰি গৈছে। আমি তেওঁলোকৰ লগত সহযোগ কৰিম।
আশাকৰোঁ এইটো সোনকালে সমাধান হʼব৷’ টুইটটোত আৰু লিখা আছিল, ‘আমাৰ অগ্ৰাধিকাৰ হৈছে আমাৰ কৰ্মচাৰীসকলৰ যত্ন লোৱা, যিসকলে ইমান দিনে কাৰ্যভাৰ গ্ৰহণ কৰি আছে আৰু প্ৰশ্নৰ সন্মুখীন হৈছে। সেৱা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। ভাৰত আৰু ইয়াৰ বাহিৰৰ দৰ্শকসকলৰ মাজত বাতৰি প্ৰেৰণৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।’ ইয়াত লগতে কোৱা হৈছে, ‘বিবিচি হৈছে এক বিশ্বাসযোগ্য, স্বতন্ত্ৰ সংবাদ মাধ্যম।
আমি আমাৰ সহকৰ্মী আৰু সাংবাদিকসকলৰ কাষত আছো, যিয়ে ভয় বা পক্ষপাতিত্ব নোহোৱাকৈ বাতৰি প্ৰকাশ কৰে।’উল্লেখ্য, এই অভিযান মঙলবাৰে প্ৰায় ১১.৩০ বজাৰ পৰা আৰম্ভ হৈছিল আৰু বৃহস্পতিবাৰে নিশা শেষ হৈছিল। বুধবাৰে পুৱা বিবিচি কৰ্তৃপক্ষই ইমেইল প্ৰেৰণ কৰি কৰ্মচাৰীসকলক এনে পৰিস্থিতিৰ মাজত মানসিকভাৱে প্ৰস্তুত হʼবলৈ কয়।
যদিও আৰম্ভণিৰে পৰাই আয়কৰ বিভাগে এই অভিযানক ‘ৰুটিন জৰীপ’ বুলি দাবী কৰিছে। আয়কৰ বিভাগৰ তথ্য অনুসৰি, এই সমীক্ষাটো মূলতঃ কৰ ফাঁকি আৰু ট্ৰেন্সফাৰ প্ৰাইচিঙৰ সৈতে জড়িত বিষয়সমূহৰ তদন্তৰ বাবে কৰা হৈছিল। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি, ইনকাম টেক্সৰ বিষয়াসকলে কোম্পানীটোৰ কম্পিউটাৰ আৰু লেপটপত ‘শ্বেল কোম্পানী’, ‘ফাণ্ড ট্ৰেন্সফাৰ’, ‘ফৰেইন ট্ৰেন্সফাৰ’ আদি শব্দ বিচাৰি পাইছে।
ইয়াৰ উপৰি বিবিচিৰ বিত্তীয় লেনদেনৰ সৈতে জড়িত বিভিন্ন ইলেক্ট্ৰনিক আৰু কাগজৰ নথি-পত্ৰ লিপিবদ্ধ কৰা হৈছে।উল্লেখ্য, জানুৱাৰী মাহৰ শেষৰ ফালে কেন্দ্ৰই ইউটিউব আৰু টুইটাৰক ছচিয়েল মিডিয়াৰ পৰা বিবিচিৰ তথ্যচিত্ৰৰ লিংক আঁতৰাবলৈ নিৰ্দেশ দিছিল।