নিজৰ ছোৱালীৰ নাম আন ছোৱালীৰ বাবে ৰাখিব নোৱাৰি। উত্তৰ কোৰিয়াৰ (North Korea) একনায়কত্ববাদী (dictatorial) শাসক কিম জং উনে (Kim Jong Un) নিজৰ দেশবাসীৰ বাবে এনে নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি কিমৰ কন্যাৰ নাম দেশৰ আন কোনো ছোৱালীৰ বাবে ৰাখিব নোৱাৰিব। কেৱল সেয়াই নহয়, ইতিমধ্যে কিমৰ কন্যাৰ নামেৰে নামকৰণ কৰাসকলৰ নাম সলনি কৰিবলৈও নিৰ্দেশ দিয়ে কিম প্ৰশাসনে।
আমেৰিকাৰ এক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কিমৰ কন্যাৰ নাম জু-আয়ে। বয়স ৯-১০ বছৰ। শেহতীয়াকৈ তেওঁক পিতৃৰ সৈতে কেইবাটাও সামৰিক কাৰ্যসূচীত দেখা গৈছিল। তেতিয়াৰ পৰাই কিমে নিজৰ কন্যাক উত্তৰ কোৰিয়াৰ পৰৱৰ্তী প্ৰজন্মৰ শাসক আৰু দেশৰ আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে বুলি জল্পনা-কল্পনা চলি আহিছে।একনায়কত্ববাদী শাসন ব্যৱস্থাৰ অধীনত দেশখনৰ উত্তৰ প্ৰান্তত অৱস্থিত পিয়ংইয়াং প্ৰদেশৰ চংজুৰ নিৰাপত্তা বিভাগে ৮ ফেব্ৰুৱাৰীত এক জাননী জাৰি কৰিছিল।
সেই অধিসূচনাত কোৱা হৈছে, দেশৰ যিসকল মহিলাৰ নাম জু-আয়ে, তেওঁলোকে তৎক্ষণাত নাম সলনি কৰিব লাগিব। এই ‘ৰীতি’ কিম পৰিয়ালৰ প্ৰতিষ্ঠাপক কিম ইল-ছুঙৰ ৰাজত্বকালৰ পৰাই চলি আহিছে। সম্প্ৰতি কিম জং উনৰ পত্নী ছাল-জুৰ নামেৰে দেশৰ কাৰো নাম ৰাখিব পৰা নাই। এইবাৰ সেই তালিকাত সংযোজন হʼল উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতাৰ কন্যা জু-আয়েৰ নাম।