ASSAM TIMES POST
শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা : বিশ্ব ভ্ৰমণলৈ ওলোৱা সত্তৰোৰ্ধৰ জাৰ্মান পৰ্য্যটক দম্পতী টিনা আৰু ইউৱি গ্ৰীচবাকে ঐতিহাসিক শিৱসাগৰ জিলা ভ্ৰমণ কৰি অভিভূত হৈ পৰে।উল্লেখযোগ্য যে, ২০০৭ চনৰ পৰা বৰ্তমানলৈকে প্ৰায় ৬,২০,০০০ কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰাৰ লগতে ১৫০ খনৰো অধিক দেশ ভ্ৰমণ কৰা পৰ্য্যটক দম্পতীয়ে যোৱা ১৬ নৱেম্বৰৰ পৰা শিৱসাগৰৰ বিভিন্ন ঐতিহাসিক তথা পৰ্য্যটনথলী যেনে, শিৱদৌল, বিষ্ণুদৌল, শিৱসাগৰ পুখুৰী, জয়দৌল, জয়সাগৰ পুখুৰী, ঘনশ্যাম দৌল, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আদি পৰিদৰ্শন কৰি উৎফুল্লিত হৈ পৰে ৷

জিলাখনৰ ঐতিহাসিক, সাংস্কৃতিক, পুৰাতাত্বিক সম্পদৰ বিষয়ে জানি পৰ্য্যটকদ্বয় বিস্মিত হৈ পৰে ৷ লগতে যোৱা ১৭ নৱেম্বৰত ঐতিহাসিক পহুগড় পৰিদৰ্শন কৰা কালত গ্ৰীচবাৰ্কে পৰ্য্যটনৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ ফালৰ পৰা গ্ৰহণ কৰা পদক্ষেপ আৰু ব্যৱস্থাপনা অতি সুন্দৰ হোৱা বুলি উল্লেখ কৰে। জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ আতিথ্যৰো দুয়োৱে ভূয়সী প্ৰশংসা কৰে ৷ সন্ধিয়া স্থানীয় পৰ্য্যটন বাংলোত দুয়োকে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া মহোদয়াই সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়। লগতে উপস্থিত থাকে জিলা পৰ্য্যটক তথ্য বিষয়া মাধৱ দাস, উপায়ুক্ত কাৰ্য্যালয়ৰ জ্যেষ্ঠ সহায়ক ভাস্কৰজ্যোতি দাস আদি ৷ পৰ্য্যটক দম্পতীয়ে জিলাখনৰ পৰ্য্যটনক্ষেত্ৰসমূহ উন্নয়নৰ বাবে বহুকেইটা গঠণমূলক পৰামৰ্শ আগবঢ়ায় ৷ জিলাখনৰ পৰ্য্যটনৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ বিষয়ে সময়ে সময়ে তেওঁলোকক অৱগত কৰাৰ বাবে জিলা উপায়ুক্তক অনুৰোধ জনায়, যাতে এই বিষয়ে তেওঁলোকৰ নিজা ৱেবচাইটত প্ৰকাশ কৰি বিশ্বৰ পৰ্য্যটকক জনাব পাৰে৷ দুয়োগৰাকী পৰ্য্যটকে ব্যক্ত কৰে যে, তেওঁলোকে নিজৰ সুন্দৰ ভ্ৰমণ অভিজ্ঞতাৰ বিষয়ে বিৱৰণ কৰি বিশ্বৰ পৰ্য্যটকসকলক বিশেষকৈ শিৱসাগৰ জিলা ভ্ৰমণ কৰাৰ বাবে সবল আহ্বান জনাব ৷ পৰ্য্যটকদ্বয়ে উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া মহোদয়াৰ সবল নেতৃত্বত জিলা প্ৰশাসনে “Soulful Sivasagar” – ৰ অধীনত লোৱা পদক্ষেপসমূহৰ আন্তৰিক শলাগ লয় ৷
উপায়ুক্তই জিলাখনৰ পৰ্য্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে লোৱা অভিলাসী আঁচনিসমূহৰ বিষয়ে পৰ্য্যটক দুগৰাকীৰ লগত আলোচনা কৰে ৷ তেওঁ চাহ পৰ্য্যটন, চিল্ক পৰ্য্যটন, নদী পৰ্য্যটন, ধৰ্মীয় পৰ্য্যটন, হেৰিটেজ পৰ্য্যটন, ইক’ পৰ্য্যটন আদিৰ উন্নয়নৰ দ্বাৰা জিলাখনক বিশ্ব পৰ্য্যটন মানচিত্ৰত অন্তৰ্ভূক্তিৰ বাবে লোৱা প্ৰয়াস সমূহৰ বিষয়েও সবিস্তাৰে আলোচনা কৰে।৷













