মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court) ৪টা পৃথক বাল্য বিবাহ গোচৰৰ (Child Marriage Case) অভিযুক্তক আগতীয়া জামিন প্ৰদান কৰি বাল্য বিবাহৰ গোচৰত POCSO-ৰ অভিযোগ কিয় প্ৰযোজ্য হʼব সেই প্ৰশ্ন উত্থাপন কৰে।
উল্লেখ্য, নাবালক-নাবালিকাৰ ক্ষেত্ৰত যৌন নিৰ্যাতন অতি গুৰুতৰ অভিযোগ। কিন্তু বাল্য বিবাহৰ ক্ষেত্ৰত সেই আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ প্ৰয়োজন আছেনে, ন্যায়াধীশৰ বিচাৰপীঠে এই প্ৰশ্ন উত্থাপন কৰিছে। ‘এইবোৰ যথেষ্ট গুৰুতৰ অভিযোগ। নিৰ্দোষী বুলি দাবী কৰা কোনো লোকক আমি মুকলি কৰি নিদিওঁ। আপোনালোকক (আৰক্ষীক) তদন্ত কৰাত কোনেও বাধা দিয়া নাই।’ এই দাবী ন্যায়াধীশসকলৰ।
মঙলবাৰৰ দিনটোতে আদালতে চাৰিটা পৃথক গোচৰৰ মুঠ ৯জন অভিযুক্তৰ জামিন মঞ্জুৰ কৰে। ১৪ বছৰৰ তলৰ ছোৱালীক বিয়া কৰোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰে। মূলতঃ নাবালিকাৰ যৌন নিৰ্যাতনৰ গোচৰত প্ৰয়োগ কৰা এই আইনখন আজি আদালতে বাল্য বিবাহৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ যুক্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।
লগতে ন্যায়াধীশ সুমন শ্যামে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেৰাৰ বাবে জিম্মাত ৰাখিবলৈ চৰকাৰী অধিবক্তাৰ দাবী নাকচ কৰে। অভিযুক্তক জিম্মাত ৰাখি আদালতৰ অধিক তদন্ত আৰু পৰ্যবেক্ষণৰ বাবে জেৰা কৰাটো প্ৰয়োজনীয় নহয়।
‘আপুনি আইন অনুসৰি চাৰ্জ শ্বীট দাখিল কৰে, শাস্তি থাকিলে হ’ব। কিন্তু ই মানুহৰ ব্যক্তিগত জীৱনত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে। ঘৰত মানুহ আছে, লʼৰা-ছোৱালী আছে, আন মানুহো আছে। বাল্য বিবাহ ঠিক নহʼব পাৰে, নিশ্চিতভাৱে বেয়া কথা, কিন্তু সময় আহিলে আমি এই বিষয়ে কথা পাতিম।’- আদালতে চৰকাৰী অধিবক্তাক এইদৰে কয়।
‘ইয়াত বিষয়টো হ’ল অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’লত ভৰোৱা হ’বনে নাই। জে’লত আপোনালোকৰ ঠাই নাই, ডাঙৰ জে’ল নিৰ্মাণ কৰক।’ ন্যায়াধীশ শ্যামে চৰকাৰৰ অধিবক্তাক কয়।এক কথাত কʼবলৈ গʼলে নাবালিকাৰ যৌন নিৰ্যাতনৰ ক্ষেত্ৰত সাধাৰণতে POCSO আইন প্ৰয়োগ কৰা হয়।
যদি কোনো যৌন সম্পৰ্ক নাথাকে তেন্তে অভিযুক্তক ন্যূনতম ৩ বছৰৰ পৰা সৰ্বাধিক পাঁচ বছৰলৈকে কাৰাদণ্ড আৰু জৰিমনা বিহা হʼব পাৰে।
এই অপৰাধ জামিনযোগ্য নহয়, আৰু আৰক্ষীয়ে ৱাৰেণ্ট অবিহনে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পাৰে। যৌন সম্পৰ্কৰ বাবে ন্যূনতম বিশ বছৰৰ পৰা সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমনা বিহা হয়।