ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ ৰাজ্যখনৰ উচ্চ শিক্ষাৰ বাটকটীয়া স্বৰূপ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৃহস্পতিবাৰে ১৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। ১৮৮৬ চনতে প্ৰতিষ্ঠা হোৱা প্ৰয়াত গোবিন্দ চন্দ্ৰ বেজবৰুৱাৰ দূৰদৰ্শী চিন্তাৰ ফচল গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্জ্বল ১৩৩ টা বৰ্ষত পদাৰ্পণ কৰাৰ মুহুৰ্তত আজি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, শিক্ষয়িত্ৰীৰ লগতে শুভাকাংক্ষী ৰাইজৰ সহযোগত প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে এক সমূহীয়া দৌৰৰ আয়োজন কৰা হয়। সমূহীয়া দৌৰ কাৰ্যসূচীৰ ফ্লেগ অফ কৰে গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰে। ইয়াৰ পূৰ্বে বিদ্যালয় খনৰ প্ৰতিষ্ঠাপক গোবিন্দ চন্দ্ৰ বেজবৰুৱাৰ আবক্ষ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে অসম সূৰ্য কীৰ্তিনাথ হাজৰিকা আৰু জীৱন তামূলীৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখনি মুকলি সভা আৰু ন পুৰণি সতীৰ্থ সন্মিলন আয়োজন কৰা হয় য’ত ৬০ ৰ দশকৰ প্ৰাক্তন ছাত্ৰৰ পৰা আৰম্ভ কৰি সদ্য প্ৰাক্তন ছাত্ৰলৈকে উপস্থিত থাকে। সভাত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰা কেইবাজনো অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ অভিজ্ঞতাৰ বিষয়ে কৈ নষ্টালজিক হৈ পৰে। একেদৰে বহুতো প্ৰাক্তন ছাত্ৰইও নিজৰ স্কুলীয়া দিনবোৰ স্মৰণ কৰি আৱেগিক হৈ পৰা দেখা যায়৷













