শ্বাহৰুখৰ (Shahrukh) ‘পাঠান’ (pathan) ধুমুহা অব্যাহত আছে। মুক্তিৰ ৩ সপ্তাহৰ পাছতো শ্বাহৰুখৰ ছবিখনে বক্স অফিচ কঁপাই আছে। এই ছবিখনে অতীতৰ সকলো নজিৰ ভংগ কৰি এক নতুন অভিলেখ গঢ়ি তুলিছে।
হাজাৰ কোটিৰ দুৱাৰমুখত থিয় হৈছে “পাঠান”। ১৭ দিনত বিশ্বজুৰি প্ৰায় ৯০০ কোটি টকা উপাৰ্জন কৰিছে ছবিখনে। কিন্তু ‘বাহুবলীʼ(Bahubali) ক স্পৰ্শ কৰিবলৈ ‘পাঠান’ এতিয়াও ১০০ কোটিৰ সীমা অতিক্ৰম কৰিব লাগিব।এই মুহূৰ্তত হিন্দী চলচ্চিত্ৰ জগতৰ দ্বিতীয়খন ব্যৱসায়িকভাৱে সফল ছবি হিচাপে পৰিগণিত হৈছে ‘পাঠান’। প্ৰথম স্থানত আছে এছ এছ ৰাজামৌলিৰ (S S Rajamouli) ‘বাহুবলী ২’।
এই ছবিখনৰ হিন্দী সংস্কৰণে দেশত ৫১০.৯৯ কোটি টকা উপাৰ্জন কৰে। যদিও সামগ্ৰিকভাৱে এই ছবিখনে হাজাৰ কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছে। আগন্তুক কেইদিনমানৰ ভিতৰত ‘বাহুবলী ২’ৰ এই নজিৰ ভংগ কৰিব পাৰে ‘পাঠানʼ-এ। শুকুৰবাৰলৈকে ভাৰতত ছবিখনৰ উপাৰ্জন আছিল ৫৫৮.৪০ কোটি টকা। এই ছবিখনে ১৭ দিনত বহিঃৰাষ্ট্ৰৰ পৰা ৩৪২ কোটি টকা উপাৰ্জন কৰে।
৯০১ কোটি টকা লৈছে এই ছবিখনে। অৱশ্যে শনিবাৰে এই ছবিখনে প্ৰায় ১০ কোটি টকাৰ ব্যৱসায় কৰিছিল। তৃতীয় সপ্তাহত বৃহস্পতিবাৰ আৰু বুধবাৰৰ সংগ্ৰহ নিম্ন দিশত আছিল যদিও সপ্তাহৰ শেষৰ ফালে ছবিখনৰ আয় বৃদ্ধি পাইছিল। চিনে বিশেষজ্ঞৰ মতে এই ছবিখনে বাহুবলীক অতি সোনকালে স্পৰ্শ কৰিব।যশ ৰাজ ফিল্মছৰ (Yash Raj Films) স্পাই ইউনিভাৰ্ছৰ চতুৰ্থখন ছবি হৈছে পাঠান। ইয়াৰ পূৰ্বে প্ৰডাকচন কোম্পানীটোৱে ‘এক থা টাইগাৰ’, ‘ৱাৰ’ৰ দৰে স্পাই চিনেমা নিৰ্মাণ কৰিছিল।
সেই তালিকাত নতুনকৈ সংযোজন হৈছে ‘পাঠান’। আহি আছে ভেলেণ্টাইন ডে’। প্ৰেমৰ দিনত ছবিগৃহত অতিৰিক্ত ভিৰ দেখা যায়। ৩ সপ্তাহৰ পাছতো শ্বাহৰুখৰ ছবিখনে ছবিগৃহ কঁপাই আছে। এইবাৰ প্ৰেমৰ দিৱসত চলচ্চিত্ৰ বিশেষজ্ঞৰ মতে শ্বাহৰুখৰ ছবিখনৰ আয় আৰু বৃদ্ধি পাব।