ASSAM TIMES POST
বোকাখাতঃ বিগত বাৰিষাত যোৱা অক্টোবৰ মাহ পৰ্যন্ত জলমগ্ন হৈ থাকি গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ অধীনৰ ৰজাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা পথে সংবাদ শিৰোনাম দখল কৰিছিল। এই পথটিৰ নিৰ্মাণৰ বাবে আজি ফলক উন্মোচন কৰা হয়। বোকাখাত জিলা পৰিষদৰ সদস্য চিৰাম দাসৰ পৰিষদ উন্নয়ন পূঁজিৰ ৮.৯৬ লাখ ব্যয়েৰে ১৫৩ মিটাৰ পথ নিৰ্মাণৰ এই কামৰ ফলক উন্মোচনেৰে শুভাৰম্ভ কৰে গোলাঘাট জিলা পৰিষদৰ সভানেত্ৰী হেলিনা দলে পেগুৱে। 
ফিটা কাটি কামৰ শুভাৰম্ভ কৰে অসম ৰাজ্যিক বিজেপিৰ সম্পাদক দেৱপ্ৰদীপ বৰাই। অনুষ্ঠানত ৰজাবাৰী আৰু কুৰুৱাবাহী পঞ্চায়তৰ সভাপতিদ্বয় ক্ৰমে মামনি গাজলু আৰু ৰূপা বৰা, দুয়োখন পঞ্চায়তৰ আঞ্চলিক সদস্য ক্ৰমে জুলি শইকীয়া আৰু শৰৎ শইকীয়া, মণ্ডল বিজেপিৰ সভাপতি আৰু প্ৰাক্তন সভাপতি ক্ৰমে জীৱেশ্বৰ হাজৰিকা আৰু জিতেন শৰ্মা, অভিযন্তা ক্ৰমে তুলসী গগৈ আৰু ইমৰাণ হুছেইন, সমবায়ৰ সভাপতি বিপুল দাস, সমাজকৰ্মীদ্বয় ক্ৰমে লক্ষীকান্ত দাস আৰু ইন্দ্ৰজিৎ বাবাজী, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, সাংস্কৃতিক কৰ্মী সুৰেণ দাস, প্ৰধান শিক্ষক নবীন দাস, কমল ভূঞা, অমল দত্ত আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। বোকাখাত জিলা পৰিষদৰ সদস্য চিৰাম দাসে আঁত ধৰা সভাত বিশিষ্ট ব্যক্তিসকলক একোখনিকৈ ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জনোৱা হয়।













