ASSAM TIMES POST
গুৱাহাটীঃ চৰাইদেউ জিলাৰ দিল্লী সংৰক্ষিত বনাঞ্চলত বন ধ্বংস অব্যাহত আছে৷ উল্লেখ্য যে বৰহাট আঞ্চলিক বন বিভাগৰ এটা টহল দাৰী দলে দিল্লী সংৰক্ষিত বনাঞ্চলৰ ডাঙৰী কুমাৰ অঞ্চলত বৃহস্পতিবাৰে পুৱা অভিযান চলাই দুজন মাউত আটক কৰাৰ লগতে এটা হাতী জব্দ কৰে৷ আটক কৰা মাউত দুজন হৈছে গোলাঘাট জিলাৰ মেৰাপানীৰ ইন্দ্ৰেশ্বৰ শইকীয়া আৰু ৰজনী দাস৷ বন বিভাগে এই কথা জানিবলৈ দিছে। বন বিভাগে জানিবলৈ দিয়া মতে হাতীটোৰ গৰাকী হ’ল মেৰাপানীৰ তাজনুৰ আলি।













