ASSAM TIMES POST
নগাঁও : ৰাজ্যৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি সমাৰোহ অহা ২০ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব ।উল্লেখ্য, ২০১৮ বৰ্ষৰ ৭ আগষ্টৰ পৰা শৈক্ষিক,সামাজিক আৰু বিদ্যায়তনিক আদি বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হোৱা মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ বৰ্ষযোৰা কাৰ্যসূচীত দেশ-বিদেশৰ ভালেকেইগৰাকী শৈক্ষিক ক্ষেত্রৰ বিশিষ্ট ব্যক্তিৰ লগতে গৰিষ্ঠ সংখ্যক প্ৰাক্তন ছাত্ৰ – ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

আনহাতে যোৱা ১৭ নবেম্বৰত নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা মহাৰজত জয়ন্তীৰ উদ্ যাপন সমিতিৰ সভাপতি ৰূপক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ বৈঠকত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। কাৰ্যসূচী অনুসৰি ২০ ডিচেম্বৰত মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন, আন্তঃ কলেজ কুইজ প্ৰতিযোগিতা আৰু মহাবিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হ’ব। ২১ ডিচেম্বৰত ন- পুৰণি ছাত্র ছাত্ৰীৰ শোভাযাত্ৰাৰে আৰম্ভ হ’বলগীয়া দিনযোৰা কাৰ্যসূচীত বহুভাষিক কবিতা আবৃত্তি প্ৰতিযোগিতা, কবি সন্মিলন, প্ৰাক্তন ছাত্র ছাত্ৰীৰ সন্মিলন আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বিনোদ খেদেৰীয়াৰ ‘বিশ্ব অৰ্থনীতিৰ সাম্প্ৰতিক ধাৰা’ শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। ২২ ডিচেম্বৰত মহাৰজত জয়ন্তীৰ সামৰণি সমাৰোহৰ অন্তিম দিনৰ কাৰ্যসূচীত অনুষ্ঠিত হবলগা মুকলি সভাত অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰিব ।
উক্ত মুকলি সভাত মহাৰজত জয়ন্তীৰ স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে বিশিষ্ট প্ৰকৃতিপ্ৰেমী, জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষক ড০ প্ৰবীণ শইকীয়াক নগাঁও মহাবিদ্যালয়ৰ ‘মহাৰজত জয়ন্তী বটা’প্ৰদান কৰা হ’ব বুলি মহাৰজত জয়ন্তীৰ অন্যতম প্ৰচাৰ আহ্বায়ক ড: ভূৱন চুতীয়াই জানিবলৈ দিয়ে ।আনহাতে আমন্ত্ৰিত অতিথি শিল্পীৰ দ্বাৰা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানেৰে তিনিদিনীয়া বৰ্ণাঢ্য মহাৰজত জয়ন্তী কাৰ্যসূচীৰ অন্ত পৰিব বুলি আয়োজক সমিতিয়ে জনায়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া ১৯ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হৈছে। মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে মহাবিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ সহযোগিতা বিচাৰিছে।













