ASSAM TIMES POST
নতুন দিল্লীঃ কলকাতাৰ ইডেন গাৰ্ডেনত শুকুৰবাৰৰপৰা অনুষ্ঠিতব্য ভাৰত আৰু বাংলাদেশৰ টেষ্ট মেছ চাবলৈ আৰম্ভণিৰ দিনটোতে কলকাতাত উপস্থিত হ’বহি বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনা। প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে আগবেলা ভাৰতৰ মাটিত উপস্থিত হৈ হাছিনাই দিবা-নৈশ খেল উপভোগ কৰি শুকুৰবাৰে নিশাই নিজ ৰাষ্ট্ৰলৈ উলটি যাব। প্ৰধান মন্ত্ৰীগৰাকীৰ কলকাতা তথা ভাৰত আগমণৰ বাবে কলকাতাতে এক চমু সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হৈছে।











