আজি পুৱতি নিশা মাৰ্ঘেৰিটা আৰক্ষী আৰু আলফা (স্বাঃ) ৰ (Police and ULFA)মাজত এক গুলীয়াগুলিৰ ঘটনা সংঘটিত হয়। মাৰ্ঘেৰিটাৰ লিডুৰ টিকক পাহাৰত বিগত ৮-৯ দিন ধৰি উলফা কেদাৰৰ ৭-৯ জনীয়া দল লগতে নগা উগ্ৰপন্থী সংগঠন এন এছ চি এনৰ(NSCN) কেইবাজনো কেডাৰ লুকাই থকাৰ খবৰ গোপন সূত্ৰ যোগে জানিবলৈ পাৰি আৰক্ষীয়ে এই অভিযান চলায়।
এই অভিযানত আলফা (স্বাঃ) ৰ দুৰ্ধৰ্ষ নেতা উদয় অসমৰ মৃত্যু হয়। বাতৰি লিখা পৰলৈকে বৃহৎ আৰক্ষীৰ দলটোৱে নিজ অভিযান অব্যাহত ৰখাৰ লগতে ঘটনাস্থলীত কোনো সাংবাদিককে প্ৰৱেশ কৰিবলৈ বাধা দিয়ে।
উল্লেখ্য যে, উগ্ৰপন্থীৰ দলটোৱে তেজপুৰ জিলাৰ এগৰাকী প্ৰভাৱশালী ব্যৱসায়ীক অপহৰণ কৰাৰ পৰিকল্পনা কৰাৰ লগতে আৰক্ষী বিষয়াৰ ওপৰত গ্ৰেণেড নিক্ষেপ কৰাৰো পৰিকল্পনা কৰিছিল। আলফা স্বাধীনৰ নিহত কেডাৰ জন উত্তম লাহোন ওৰফে উদয় অসমৰ ঘৰ চৰাইদেউ জিলাৰ পুৰণি জাবোকা গাঁৱৰ নিবাসী।
বিগত ২০১২ চনত আলফা স্বাধীনত যোগদান কৰা উদয় অসম নিৰাপত্তা বাহিনীৰ বাবে বিশেষ মূৰৰ কামোৰণি হোৱাৰ লগতে সেনা আৰক্ষীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযান সংঘটিত কৰিছিল। পুৱতি নিশা চলা উগ্ৰপন্থী বিৰুদ্ধে চলা অভিযানত আন্ধাৰৰ সুযোগ লৈ বাকী কেইজন কেডাৰ পলায়ন কৰাৰ বিপৰীতে মৃত উদয় অসমৰ পৰা এটা এ এ কে চিৰিজৰ ৰাইফল এটা ৰাইফল , ২ টা গ্ৰেনেড , আই ই ডি সামগ্ৰী , এখন কম্বলৰ , ঔষধৰ লগতে কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।
আনহাতে আজি সন্ধিয়া মাৰ্ঘেৰিটা আৰক্ষী থানাত তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপে এক সংবাদমেল সম্বোধন কৰি উগ্ৰপন্থীৰ বিৰুদ্ধে অধিক অভিযান অব্যাহত থাকিব বুলি প্ৰকাশ কৰে। উদয় অসমক শীতল মস্তিকৰে অতি পৰিকল্পিত ভাৱে শূণ্য দূৰত্বৰ পৰা হত্যা কৰে বুলি তেওঁ জানিবলৈ দিয়ে। মৃত উদয় অসমৰ মৃতদেহ তিনিচুকীয়া অসামৰিক চিকিৎসায়লত মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে আৰক্ষীয়ে কৰি চৰাইদেউলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।