ASSAM TIMES POST
গুৱাহাটীঃ শেহতীয়াভাৱে নুমলীগড় শোধনাগাৰ লিমিটেড (এনআৰএল)ৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত বাতিল কৰিলে কেন্দ্ৰীয় চৰকাৰে। অৱশ্যে ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেড (বিপিচিএল)ৰ ষ্ট্ৰেটেজিক ডিইনভেষ্টমেন্টত কেন্দ্ৰই অনুমোদন জনাইছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা ঘোষণা কৰে। সীতাৰমণে অৱগত কৰা অনুসৰি, কেন্দ্ৰীয় কেবিনেটে বিপিচিএলৰ ষ্ট্ৰেটেজিক ডিইনভেষ্টমেন্টত অনুমোদন জনাইছে। কেবিনেটে নিশ্চিত পৰিচালনা নিয়ন্ত্ৰণৰ সৈতে ৫৩.২৯ শতাংশৰ ভাৰত চৰকাৰৰ শ্বেয়াৰ হ’ল্ডিঙত অনুমোদন জনায়। ইয়াৰপৰা এনআৰএলত ৬১ শতাংশ ষ্টেকৰ বিপিচিএলৰ ইকুইটী শ্বেয়াৰ হ’ল্ডিং বাদ পৰে। ইফালে, কেন্দ্ৰৰ এই ঘোষণাক আদৰণি জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।













