ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলাৰ ধিং শালকাটিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ দীৰ্ঘদিন ধৰি চলি থকা পৰিয়াল কেন্দ্ৰিক সংঘাতৰ পৰিণতিত সতিনী আৰু সতিনীৰ পুত্ৰই মিলি ৰবিজা খাতুন নামৰ এগৰাকী মহিলাক হাত-ভৰি বান্ধি বাঁহেৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

আনহাতে হত্যাকাৰীয়ে মহিলাগৰাকীৰ মৃতদেহটো বিলৰ মেটেকাৰ তলত লুকুৱাই থয়। আজি ধিং আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত গোটা বাঁহৰ টুকুৰাটো জব্দ কৰাৰ লগতে মেটেকাৰ তলৰ পৰা ৰবিজা খাতুনৰ মৃতদেহটো উদ্ধাৰ কৰে৷ ইপিনে, হত্যাকাণ্ডটোত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ৰবিজা খাতুনৰ সতিনী জমিলা খাতুন আৰু তেওঁৰ পুত্ৰ ছমেদ আলীক আটক কৰে যদিও অভিযুক্ত মহিলাগৰাকীৰ আনজন পুত্ৰ কুদ্দুচ আলী এতিয়াও পলাতক অৱস্থাত আছে৷













