ASSAM TIMES POST
বিভাস দুৱৰা, ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ আৰু মটক জনগোষ্ঠীক জনজাতিকৰনৰ দাবীত আজি সন্ধিয়া ডিব্ৰুগড়ৰ চৌকিডিঙীৰ পৰা চহৰখনৰ থানা চাৰিআলিলৈ এক বিশাল প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰা হয়।

ডিব্ৰুগড় জিলা মটক যুৱ ছাত্ৰ সন্মিলন আৰু ডিব্ৰুগড় জিলা মটক মহিলা পৰিষদৰ উদ্যোগত এই সমদল বাহিৰ কৰি মোদী চৰকাৰ হায়!হায়!,বিজেপি চৰকাৰ হায়!হায়! নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক,মটক জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰক,ন’ এচ টি,ন’ ৰেষ্ট ইত্যাদি শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে। সমদলটো চৌকিডিঙীৰ ডেভেলপমেন্টৰ নিজ কাৰ্যালয়ৰ পৰা আহি থানা চাৰিআলিত ব্যাপক শ্লগান দি পুনৰাই নিজ কাৰ্যালয়লৈ উভতি যায়।













